বিজেপি-আইপিএফটিয়ে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব ত্ৰিপুৰাত

Biplab

ত্ৰিপুৰাত সদ্যঘোষিত নিৰ্বাচনী ফলাফলত বাওঁ শিবিৰক সম্পূৰ্ণ ৰূপে উৎখাত কৰি ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে মিত্ৰদল আইপিএফটিৰ সহযোগত ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিবলৈ সাজু হৈছে।

শনিবাৰে ঘোষণা কৰা নিৰ্বচনী ফলাফল অনুসৰি বিজেপিয়ে ৩৫ খন আসন দখল কৰাৰ উপৰি সহযোগী দল আইপিএফটিয়ে ৮ খন অৰ্থাৎ মুঠ ৪৩ খন আসন দখল কৰিবলৈ সক্ষম হৈছে।

সেয়েহে একক সংখ্যাগৰিষ্ঠ দল হিচাপে বিজেপিয়ে আইপিএফটিৰ সহযোগত অচিৰেই ৰাজ্যখনৰ ৰাজ্যপালক সাক্ষাৎ কৰি পৰৱৰ্তী চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব বুলি প্ৰকাশ কৰিছে ত্ৰিপুৰা বিজেপিৰ আম্ভ্যন্তৰীণ সূত্ৰই।

মনকৰিবলগীয়া যে ইয়াৰ মাজতে বিদায়ী মুখ্যমন্ত্ৰী মাণিক সৰকাৰে দেওবাৰে ৰাজ্যপাল তথাগত ৰয়ক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে ত্ৰিপুৰাত বিজেপিৰ প্ৰতি ৰাজ্যবাসীয়ে অভূতপূৰ্ব সঁহাৰি দিয়াৰ পৰিপ্ৰেক্ষিতত মাণিক সৰকাৰ নেতৃত্বাধীন চিপিআই(এম)-এ মাত্ৰ ১৬ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয়।

বিশেষভাৱে মন কৰিবলগীয়া বিষয় এইটোৱে যে প্ৰচণ্ড মোডী ঢৌৰ বাবে এইবাৰৰ নিৰ্বাচনত বাওঁ দলটোৰ কাণ্ডাৰী মাণিক সৰকাৰৰ বিজয়ৰ ব্যবধান ২,২২৪টা ভোটলৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ২০১৩ বৰ্ষত এই ব্যৱধানৰ পৰিসংখ্যা আছিল ৬,০১৭টা।

আনহাতে ত্ৰিপুৰা প্ৰদেশ বিজেপিৰ সভাপতিৰ দায়িত্বত থকা বিপ্লৱ দেৱে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে দলীয় সূত্ৰই।