বিজেপি চৰকাৰৰ গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী, পদক্ষেপ জনসাধাৰণৰ জ্ঞাত হোৱাৰ পূৰ্বেই আৰ এছ এছৰ হাতত পৰে : বৃন্দা কাৰাট

Brinda_Karat

বিজেপি চৰকাৰে গুৰুত্বপূৰ্ণ চৰকাৰী তথ্য তথা কাৰ্য্যসূচী, পদক্ষেপ আদিৰ সবিশেষ দেশৰ জনসাধাৰণৰ বাবে উপলব্ধ কৰাৰ আগেয়েই আৰ এছ এছৰ হাতত গোপনে তুলি দিয়ে। ডিমা হাচাওৰ ঘটনাটো তাৰ এটা জ্বলন্ত প্ৰমাণ। এই গুৰুতৰ অভিযোগ কৰিছে চি পি আই (এম) পলিটব্যুৰোৰ সদস্য বৃন্দা কাৰাটে। আজি গুৱাহাটী মহনগৰীৰ শিলপুখৰীৰ হেদায়েৎপুৰত থকা দলৰ ৰাজ্যিক কাৰ্য্যালয়ত আয়োজিত এখন সংবাদমেলত উপস্থিত সাংবাদিকৰ আগত ৰাষ্ট্ৰীয় নেত্ৰীগৰাকীয়ে তথ্য আৰু উদাহৰণসহ এই কথা দাঙি ধৰে।

নেত্ৰীগৰাকীয়ে কয় যে এই পৰ্য্যন্ত চৰকাৰে ৰাজহুৱা কৰিব নোৱৰা বা নকৰা গ্ৰেটাৰ নাগালিমত ডিমা হাচাওক অন্তৰ্ভুক্ত কৰা বা নকৰা সন্দৰ্ভত আৰ এছ এছৰ নেতাই স্থিতি দাঙি ধৰিব পৰাটোৱে এইটোকে প্ৰমাণ কৰে যে এইবোৰ আৰ এছ এছৰ হাতত ভিতৰুৱাকৈ তুলি দিয়া হৈছে (আউটছ’ৰ্চিং কৰা হৈছে)।

উল্লেখযোগ্য যে আৰ এছ এছৰ এজন নেতা জগদম্বা মলেই গ্ৰেটাৰ নাগালিমত ডিমা হাচাওক অন্তৰ্ভুক্ত কৰিব লাগে বুলি মন্তব্য কৰা তথা প্ৰচাৰ চলোৱাৰ পিছতে পাহাৰীয়া জিলাখনত ক্ষোভৰ জুই জ্বলে। ইয়াৰ প্ৰতিবাদত বন্ধ পালন কৰা তথা প্ৰতিবাদ কৰিবলৈ যোৱা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী চলোৱাৰ ফলত দুজনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

আজিৰ সংবাদমেলত বৃন্দা কাৰাটে এই দুৰ্ভাগ্যজনক ঘটনাটোক চৰকাৰৰ নাগালিম সম্পৰ্কীয় চুক্তিৰ অস্বচ্ছতাৰ পোনপটীয়া ফল বুলি দাবী কৰে। চৰকাৰে উত্তৰ-পূবত বিভাজনৰ ৰাজনীতিৰে ক্ষমতা দখলৰ সুবিধা ল’ব খোজা বুলিও তেওঁ কয়।

আনহাতে নেত্ৰীগৰাকীয়ে অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰি সম্পৰ্কতো বিজেপি চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে একেই লুই বাৰ্জাৰ কেলেংকাৰিত গোৱাত অভিযুক্ত কংগ্ৰেছী নেতা-মন্ত্ৰীৰ বিৰুদ্ধে চি বি আই, এনফৰ্চমেণ্ট ডাইৰেকটৰেটে ব্যৱস্থা লোৱাৰ বিপৰীতে অসমত গুৱাহাটী উচ্চ ন্যায়ালয়ে তদন্ত ভালদৰে নকৰা বাবে চি আই ডিক ভৰ্ৎসনা কৰা তথা গোচৰটো চি বি আইক দিয়াৰ নিৰ্দেশ দিয়াৰ পিছতো এই তদন্তই সঠিক গতি লাভ কৰা নাই বুলি কয়। তেওঁ এই দুমুখীয়া নীতি ত্যাগ কৰিবলৈ দাবী জনায়। তেওঁ কয় যে বিজেপিয়ে অসমৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ দুৰ্নীতিপৰায়ণ কংগ্ৰেছী নেতা-মন্ত্ৰীৰ যিখন তালিকা প্ৰস্তুত তথা ৰাজহুৱা কৰিছিল তাত এক নম্বৰতে হিমন্ত বিশ্বৰ নাম আছিল।

আনহাতে ত্ৰিপুৰাৰ নিৰ্বাচন সম্পৰ্কত নিজৰ আত্মবিশ্বাস প্ৰকাশ কৰি কাৰাটে কয় যে ৰাজ্যখনত ৰাইজে পুনৰ বাওঁ দলক শাসনৰ সুযোগ দিব। বিজেপিয়ে কৰিব খোজা বিভাজনৰ ৰাজনীতিক ৰাজ্যবাসীয়ে ওফৰাই দিব বুলি তেওঁ দাবী কৰে। আনহাতে পৃথক ৰাজ্যৰ দাবী কৰি থকা আই পি এফ টিৰ সৈতে বিজেপিয়ে মিত্ৰতা কৰা সন্দৰ্ভতো মন্তব্য কৰি কয় যে পূৰ্বৰ পৰাই আই পি এফ টিয়ে কৈ আহিছে যে পৃথক তিপৰালেণ্ডৰ সপক্ষে নথকা কোনো দলৰ সৈতে তেওঁলোকে নিৰ্বাচনী মিত্ৰতা নকৰে। এই পৃষ্ঠভূমিত বিজেপিয়ে নিশ্চিতৰূপে ভিতৰুৱাকৈ আই পি এফ টিৰ সৈতে গোপন বুজাবুজি কৰাৰ সন্দেহ ব্যক্ত কৰিছে। বিজেপিয়ে যে ত্ৰিপুৰাতো বিভাজনৰ ৰাজনীতিৰে ক্ষমতা দখলৰ অভিসন্ধি কৰিছে ই তাৰে প্ৰমাণ বুলি দাবী কৰে কাৰাটে।

আনহাতে ৰাষ্ট্ৰীয় ৰাজধানীৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰতে কৰ্নী সেনাই স্কুল বাছত আক্ৰমণ কৰাৰ কথা উল্লেখ কৰি বিজেপি তথা মোদীক আক্ৰমণ কৰি নেত্ৰীগৰাকীয়ে কয় যে কৰ্নী সেনাৰ সন্ত্ৰাসৰ পিছতো প্ৰধান মন্ত্ৰী মোদীয়ে মাত দিয়া নাই। তেওঁ বিজেপি আৰু আৰ এছ এছৰ এই হিংসাৰ সৃষ্টিকাৰীসকলৰ প্ৰতি সমৰ্থন আছে বুলি দাবী কৰে। ভোটবেংকৰ বাবেই তেওঁলোকে এই বিষয়টোত মৌনতাৰে সমৰ্থন দেখুৱাই আছে বুলি কয়। আনহাতে মোদীক কটাক্ষ কৰি কয় যে বিদেশত গৈ বিনিয়োগকাৰীক সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস দিয়া প্ৰধান মন্ত্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা সত্ত্বেও চিনেমা এখনকে নিৰাপদে মুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰিলে।

তেওঁ মোদীৰ অৰ্থনৈতিক নীতিক সমালোচনা কৰি কয় যে জি এছ টি আৰু বিমুদ্ৰাকৰণৰ ফলত দেশৰ অৰ্থনীতিয়ে সাধাৰণ লোকৰ প্ৰতিকূলে গতি লয়। যোৱা এটা বছৰত দেশৰ মুঠ সম্পদৰ ৭৩ শতাংশ কেৱল ১ শতাংশ ভাৰতীয়ৰ হাতৰ মুঠিলৈ যায় বুলিও সমীক্ষাৰ তথ্য দাঙি ধৰে। নেত্ৰীগাৰাকীয়ে চি পি আই (এম) আৰু আন আন বাওঁ দলবোৰে দেশৰ খাটিখোৱা জনগণৰ স্বাৰ্থ আৰু উন্নয়নক আগত লৈ দেশজোৰা আন্দোলন গঢ়ি তোলাৰ কথা প্ৰকাশ কৰে।