বিজেপি চৰকাৰৰ জনবিৰোধী-জাতীয় স্বাৰ্থ বিৰোধী নীতিৰ বিৰুদ্ধে বৰপেটাত দুই সহস্ৰাধিক বামপন্থীয়ে কৰিলে উত্তাল প্ৰতিবাদ

CPIM protest at Barpeta

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰোধী কামকাজৰ প্ৰতিবাদত আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবীত আজি বৰপেটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বামপন্থী দলসমূহে।

বামপন্থী দলসমূহৰ লগতে ৰন্ধনকৰ্মী, অংগনবাড়ী কৰ্মী, আশাকৰ্মীসকলে দিনৰ এঘাৰ বজাত বৰপেটা পৌৰসভাৰ খেলপথাৰত সমবেত হয়। এই স্থানতে চি পি আই (এম)ৰ জিলা সম্পাদক আজিজুৰ ৰহমানৰ সভাপতিত্বত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়।

প্ৰতিবাদী সভাত ‘চিটু’ৰ প্ৰবাল দাস, মহিলা সমিতিৰ সত্যবতী ভূঞা, এছ এফ আইৰ হৰ্ষজিৎ দাস, ডি ৱাই এফ আইৰ আমান আলী, ৰন্ধনকৰ্মী সহায়িকা সন্থাৰ ডলীমইনা চৌধুৰীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে। প্ৰতিবাদী সভাৰ পিচতে প্ৰায় দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বৰপেটা চহৰৰ মুখ্য পথেৰে সমদল কৰি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত উপস্থিত হয়।

উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ আবৰ্ত ভৱনত প্ৰতিবাদী সমদলকাৰীসকলক উদ্দেশ্যি চি পি আই (এম)ৰ ৰাজ্যিক নেতা মনোৰঞ্জন তালুকদাৰে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তালুকদাৰে কয় যে, সম্প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত দেশৰ আৰ্থিক বৈষম্য আৰু সাম্প্ৰদায়িক হিংসা বিদ্বেষে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

সাধাৰণ শ্ৰমজীৱী মানুহৰ লগতে কৃষিজীৱী লোকসকলৰ জীৱনলৈ দুৰ্দিন নামি অহা বুলি তেওঁ উল্লেখ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিবছৰে দুই কোটি লোকক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰহসনত পৰিণত হোৱা বুলি উল্লেখ কৰি মোদীৰ মিথ্যাচাৰে সাধাৰণ ৰাইজক অতিষ্ঠ কৰি তোলিছে বুলি কয়।

বিমুদ্ৰাকৰণৰ ভয়ংকৰ পদক্ষেপৰ ফলত বিগত সময়ত ৯০ লাখ লোকৰ কৰ্মসংস্থাপন ধ্বংস হোৱা বুলি উল্লেখ কৰি পেট্ৰ’ল, ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে বুলিও তেওঁ কয়।

তালুকদাৰে লগতে কয় যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত কৃষকৰ আত্মহত্যাৰ ঘটনা ৪২ শতাংশ হাৰত বৃদ্ধি হৈছে। স্বামীনাথন কমিটিৰ নিৰ্দেশাৱলী এই চৰকাৰে অমান্য কৰাৰ ফলত কৃষকে উৎপাদিত ফচলৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আছে।

ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি অহা সত্বেও কৃষকক মাটিৰ পট্টা প্ৰদানৰ পৰা বঞ্চিত কৰি অহা বুলিও চি পি আই (এম)ৰ নেতাগৰাকীয়ে অভিযোগ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰি তেওঁ জাতিধ্বংসী বিধেয়কখন সন্দৰ্ভত কয় যে, এই বিধেয়কখনে ধৰ্মৰ ওপৰত ভিত্তি কৰি অবৈধ অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিয়াৰ পথ মুকলি কৰিছে।

এই বিধেয়কখনে ভাৰতীয় গণৰাজ্যৰ ধৰ্মনিৰপেক্ষতা-গণতান্ত্ৰিক বুনিয়াদৰ মূলতে আঘাত কৰা বুলি উল্লেখ কৰি বিধেয়কখন সংবিধান বিৰোধী বুলিও কয় নেতাগৰাকীয়ে।

১৯৮৫ চনৰ অসম চুক্তিক সমৰ্থন কৰা বিজেপি দলে সম্প্ৰতি ৰাজনৈতিক লাভালাভৰ বাবেই অসম চুক্তিক অৱমাননা কৰা বুলি অভিযোগ কৰি তেওঁ প্ৰতিবাদ স্থলীৰ পৰাই বিতৰ্কিত বিধেয়কখন প্ৰত্যাহাৰৰ দাবী তোলে।

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ যুটীয়া সমিতিৰ অধ্যক্ষলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক কৃষক সভাৰ সভাপতি ফজলুৰ ৰহমান, কৃষক সভাৰ চানমামুদ আহমেদকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত আছিল।