বিজেপি চৰকাৰৰ ২০১৭-১৮ বৰ্ষৰ বাজেট আৱেগিক কথাৰে ভৰা আছিল : বিধায়ক আমিনুল ইছলাম

AminulIslam

এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইচলাম। ফাইল ফটো।

“বিজেপি চৰকাৰে যোৱা বছৰ বাজেটত সাহিত্যিক ভাষা প্ৰয়োগ কৰি এখন ৰংচঙীয়া বাজেট প্ৰস্তুত কৰিছিল। বিভিন্ন আৱেগিক কথাৰে জনসাধাৰণক আকৃষ্ট কৰিবলৈ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছিল।” -আজি এ আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এইদৰে কয় দলটোৰ বিধায়ক আমিনুল ইছলামে।
উল্লেখযোগ্য যে কাইলৈ বিজেপি নেতৃত্বাধীন চৰকাৰে বিধানসভাৰ মজিয়াত বাজেট দাখিল কৰিব। ইতিপূৰ্বে বিগত বৰ্ষৰ বাজেটত ঘোষণা কৰা সিংহভাগ কাম আৰম্ভ কৰাই নহ’ল বুলি তথ্যসহকাৰে কৃষক মুক্তিয়ে সাংবাদিকৰ আগত দাঙি ধৰিছিল। ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো নতুন দিল্লীত এক সংবাদমেল আয়োজন কৰি ১০ মাৰ্চত একেই অভিযোগ কৰিছিল।
আজি প্ৰায় একেই অভিযোগ কৰে এ আই য়ু ডি এফৰ বিধায়কজনে।
নতুন বাজেট ঘোষণাৰ প্ৰাকমুহূৰ্তত এইদৰে আগৰ বাজেটৰ পৰ্য্যালোচনা তথা সমালোচনা হোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
আজি সংবাদমেলত আমিনুল ইছলামে অভিযোগ কৰি কয়, “বিজেপি চৰকাৰৰ বিত্ত বিভাগে বাজেটৰ ১০ শতাংশ কামো সম্পূৰ্ণ কৰিব নোৱাৰিলে। যোৱা বৰ্ষৰ বাজেট পাঁচ বছৰীয়া বাজেট আছিল যদিও এক বছৰত কমেও ২৫ শতাংশ কাম সম্পূৰ্ণ হোৱাটো বিচাৰিছিলো।”
তদুপৰি তেওঁ বাজেটত নিৰ্ধাৰিত ধনৰ কিমান শতাংশ খৰচ কৰা হ’ল বুলি বিধান সভাত এক প্ৰশ্ন উত্থাপন কৰিছিল বুলি মন্তব্য কৰি কয় “বৰ্তমানলৈকে ৪৪ শতাংশ কামহে বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিব পাৰিছে বুলি মোৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে কয়। এটা বছৰত ৫০ শতাংশ ধন খৰচ কৰিব নোৱাৰাটো লজ্জাজনক কথা।”
আনহাতে তেওঁ কাইলৈ দাখিল হ’বলগীয়া বাজেট সন্দৰ্ভত কয় “আমি এই বাজেটখন বাস্তৱমুখী আৰু জনমুখী হোৱাটো বিচাৰো। এই বাজেটত এনে ধৰণৰ আঁচনি ৰূপায়িত হওক যাতে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান কৰিব পাৰে। বিশেষকৈ স্বাস্থ্য, পৰিবহণ, শিক্ষা, যোগাযোগ ইত্যাদি গুৰুত্বপূৰ্ণ দপ্তৰসমূহৰ অধীনত আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা বাজেট বিচাৰিছো। লগতে নিবনুৱা সমস্যা সমাধান আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণমুখী আঁচনি থকা বাজেট আমি কামনা কৰিছো।”
তাৰোপৰি তেওঁ কয় “জনসাধাৰণৰ মৌলিক সমস্যা সমূহ পূৰণ কৰিব নোৱৰা বাজেট ৰূপায়ণ হ’লে আমি বিজেপি চৰকাৰে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে জনসাধাৰণক প্ৰতাৰণা কৰা বুলি ভাবিবলৈ বাধ্য হ’ম।”
আনহাতে তেওঁ শিক্ষা বিভাগৰ ক্ষেত্ৰত চৰকাৰ চৰম ব্যৰ্থ বুলি মন্তব্য কৰি কয় “ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগটো অতি গুৰুত্বপূৰ্ণ বিভাগ যদিও এই শিক্ষা বিভাগতে বহুতো অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ নোহোৱাৰ লগতে শিক্ষকসকলৰ চাকৰি নিয়মীয়াৰণ হোৱা নাই। তদুপৰি শিক্ষা অধিকাৰ আইন ২০০৯ অনুসৰি প্ৰয়োজনীয় স্থান সমূহত বিদ্যালয় নিৰ্মাণ কৰা ক্ষেত্ৰতো চৰকাৰ চৰম বিফল হৈছে।”
ইয়াৰোপৰি তেওঁ পৰীক্ষা পদ্ধতিতো যোৱা কেইবছৰমান ধৰি চৰম গাফিলতিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে।
এই সন্দৰ্ভত তেওঁ কয় “কোনোবা বছৰ যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী গৰুৱে খাইছে আন কোনোবা বছৰ আকৌ প্ৰশ্ন কাকত ফাদিল হৈছে।”
আনহাতে তেওঁ বিজেপি চৰকাৰে হিন্দুত্ববাদী ৰাজনীতি কৰা বুলি আখ্যা দি কয়, “যিসকল ধৰ্ম নিৰপেক্ষ লোক আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ভোট নাপাম বুলি ভাবিয়ে বিজেপি আৰু অগপ দল মিলিত হৈছে। এয়া দুয়োটা দলৰ মাজত গোপন বুজাবুজি। লগতে অসমবাসীয়ে নিশ্চয়কৈ তেওঁলোকৰ নাটকবাজি বুজি পাইছে।”
আজিৰ এই সংবাদমেলত তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কয় “অগপ আৰু বিজেপিয়ে এই বিধেয়কৰ ক্ষেত্ৰতো নাটকৰ কৰিছে। তেওঁলোকে একেখন ফ্লাইটতে দিল্লীলৈ যায় আৰু প্ৰথমতে বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবৰ বাবে ৰাজনাথ সিঙক লগ কৰি অনুৰোধ জনায়। তাৰ পিছতে আকৌ মিত্ৰ দল অগপই এই বিধেয়ক নাকচ কৰিবৰ বাবে ৰাজনাথ সিঙক আহ্বান জনায়। এয়া হৈছে দুয়োটা দলৰে ৰাজনৈতিক ষড়যন্ত্ৰ।”
আনহাতে অগপ আৰু বিজেপিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক কৌশলৰে বিজেপিয়ে হিন্দুত্ববাদী ভোট আৰু অগপই ধৰ্ম নিৰপেক্ষ ভোটেৰে জয়ী হোৱাৰ চেষ্টা চলাইছে বুলি এ আই ইউ ডি এফৰ বিধায়ক জনে মন্তব্য কৰে।
আনহাতে বিজেপি চৰকাৰে বাংলাদেশী সমস্যা সমাধানৰ বাবে বাংলাদেশৰ চৰকাৰৰ সৈতে কোনো আলোচনাত মিলিত হোৱা নাই বুলি বিধায়ক আমিনুলে মন্তব্য কৰে। লগতে বাংলাদেশীৰ সমস্যাটো তেওঁলোকে সঠিক সমাধান কেতিয়াও নিবিচাৰে  বুলি মন্তব্য কৰি কয় যে যদি বিচাৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ বাংলাদেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক লগ পোৱাৰ পাছতো তেওঁলোকে এই সমস্যাৰ বিষয়ে কিয় উল্লেখ নকৰিলে?