NORTHEAST NOW (Assamese)

বিজেপি নেতাৰ সৈতে অন্তৰংগ ফটো ভাইৰেল হোৱাৰ পিছতেই চৰম সিদ্ধান্ত ল’লে বিজেপি নেত্ৰীয়ে

August 11, 2023 9:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 11, 2023 9:37 pm

শুকুৰবাৰে বিজেপিৰ এগৰাকী নেত্ৰীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ পোহৰলৈ অহাৰ লগতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

খবৰ অনুসৰি, উজনি অসমৰ এগৰাকী উচ্চ পদস্থ বিজেপি নেতাৰ লগত নেত্ৰীগৰাকীৰ অন্তৰংগ ফটো ভইৰেল হৈ পৰাৰ পিছতেই বিবাহিত মহিলাগৰাকীয়ে নিজকে শেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সূত্ৰ অনুসৰি এই দুই নেতা-নেত্ৰীৰ মজত আছিল বিবাহ বৰ্হিভূত সম্পৰ্ক।

মৃত বিজেপি নেত্ৰীগৰাকী বিজেপিৰ কৃষাণ মৰ্চাৰ সম্পাদিকা ইন্দ্রানী তহবিলদাৰৰ বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটী মহানগৰীৰ বামুণীমৈদাম অঞ্চলত থকা নিজ বাসগৃহত আত্মহনন কৰে ইন্দ্রাণী তহবিলদাৰে।

ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ পিছতে ৰাজ্যিক বিজেপিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে চেম্বাৰছ অৱ কমাৰ্ছৰ উপ-সভানেত্ৰীৰ দায়িত্বতো আছিল তহবিলদাৰ।

মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে ইন্দ্ৰানী তহবিলদাৰৰ মৃতদেহ।

Related News