বিজেপি নেতা-কৰ্মীক পৰিষদৰ নিৰ্বাচনৰ বাবে সাজু হ’বলৈ আহ্বান মন্ত্ৰী চুম ৰংহাঙৰ

চুম ৰংহাং, হাফলং

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হ’বলৈ বিজেপি নেতাকৰ্মী সকলক আহ্বান জনালে মন্ত্ৰী চুম ৰংহাঙে। দেওবাৰে মাইবাঙত আৱৰ্ত ভৱনৰ দ্বাৰ মুকলি কৰি এখন কৰ্মী সভাত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে ডকমকা কাণ্ডৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

অসম মন্ত্ৰীসভাৰ সদস্য পদ লাভ কৰাৰ লগতে পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ  দায়িত্ব চমজি লোৱাৰ পাছত দেওবাৰে প্ৰথমবাৰৰ কাৰণে পাৰ্বত্য জিলাখনত উপস্থিত হয় মন্ত্ৰী চুম ৰংহাঙ। দিনৰ এটা বজাত মাইবাঙত উপস্থিত হৈ ডিমালিক পুৰত মাইবাঙ আৱৰ্ত ভৱনৰ দ্বাৰ মুকলি কৰে।

আৱৰ্ত ভৱনৰ দ্বাৰ মুকলি কৰা অনুষ্ঠানত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চিইএম দেবলাল গাৰ্লচা, পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাচা, হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ইএম লুঙচিঙ তেৰণ আদি।

আৱৰ্ত ভৱন মুকলি কৰাৰ পাছত অনুষ্ঠিত সভাত বক্তব্য আগবঢ়াবলৈ গৈ চিইএম দেবলাল গাৰ্লচায় কয় যে বিজেপি শাসিত পৰিষদৰ ইতিমধ্যে দুই বছৰ হৈছে। কিন্তু দুই বছৰত বৰ্তমান পৰিষদে ৰাজ্য চৰকাৰৰ সহযোগিতাৰে পাৰ্বত্য জিলাৰ উন্নয়নৰ হকে কাম কৰাত সক্ষম হৈছে। গাৰ্লচায় লগতে কয় যে পাৰ্বত্য পৰিষদৰ ৰাজহ সংগ্ৰহ বছৰি চৌব্বিছ কোটি হ’লেও দৰমহাৰ কাৰণে প্ৰায় আশী কোটিৰ প্ৰয়োজন হয়। তদুপৰি, উমৰাঙচুৰ নীপকোৰ পৰা স্বায়ত্ত শাসিত পৰিষদে এটকাও ৰাজহ লাভ নকৰে বুলিও ক্ষোভ ব্যক্ত কৰে গাৰ্লচায়।

আনহাতে,পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙে তেওঁ অনুষ্ঠানত উপস্থিত থাকিব পাৰি উৎফুল্লিত বুলি ব্যক্ত কৰে। তেওঁ লগতে উন্নয়নমূলক কামকাজ চাই পৰিষদৰ প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ কাৰণ সাজু হবলৈ বিজেপি নেতাকৰ্মী সকলক আহ্বান জনায়। কিয়নো ছমাহৰ ভিতৰত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইপিনে সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত তেওঁ ডকমকাৰ ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে এই ঘটনাৰ আঁৰত দুষ্কৃতিকাৰীৰ দল জড়িত। তেওঁ লগতে পাৰ্বত্য পৰিষদৰ অধীনৰ বিভাগৰ কৰ্মচাৰী সকলৰ দৰমহা সমস্যাৰ সমাধানৰ কাৰণে চৰকাৰে ব্যৱস্থা ল’ব বুলি জানিব দিয়ে।