বিজেপি শাসনলৈ অহাৰ পৰা কংগ্ৰেছৰ দিনৰ কল্যাণকামী আঁচনিসমূহ বন্ধ হৈ গ’ল : তৰুণ গগৈ

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা ‘বৃহৎ যোগদান’ কাৰ্য্যসূচীৰ দৃশ্য। ফটো : য়ু বি।

“অমিত শ্বাহ অসমত আহি ডাঙৰ-ডাঙৰ বক্তৃতা দিছে। ১৫ বছৰে নোহোৱা উন্নয়ন দুটা বছৰত হোৱা বুলি কৈছে। নিশ্চয় তেওঁ কণা হ’ব লাগিব বা চকুত কেটেৰেক্ট পৰিছে।”

আজি কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ ৪৮সংখ্যক জন্মদিন উপলক্ষে আয়োজিত ‘বৃহৎ যোগদান’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এই মন্তব্য কৰে।

তাৰোপৰি তেওঁ কয় যে অমিত শ্বাহৰ চকুত কেটেৰেক্ট নপৰিলে গুৱাহাটীত কিমান ৰাস্তা পকা হৈছে, দেখা পালেহেঁতেন।

আনহাতে, বিজেপি শাসনলৈ অহাৰ পিছৰে পৰা কংগ্ৰেছৰ দিনৰ কল্যাণকামী আঁচনিসমূহ বন্ধ হৈ যোৱা বুলি মত প্ৰকাশ কৰাৰ লগতে কয় “আজি ৰাজ্যৰ বিভিন্ন ঠাইত জনসাধাৰণ খোৱা পানীৰ সমস্যাত ভুগিছে, সন্তান জন্ম হোৱাৰ পিছত ৫০০০ টকা মাতৃসকলে নোপোৱা হ’ল, বাগানত বাস কৰা লোকসকলৰ প্ৰতি অনুদান বন্ধ হৈ গৈছে।”

তাৎপৰ্য্যপূৰ্ণৰূপে নিজৰ স্থিতিত অটল থাকি গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ তালিকাৰ পৰা হাজাৰ-হাজাৰ ভাৰতীয়ৰ নাম কৰ্তন হোৱা বুলি মন্তব্য কৰে।

তদুপৰি কংগ্ৰেছ দলটো বিৰোধী দল হিচাপে থকাৰ পিছতো কমল কুমাৰ মেধি, ৰাজেন্দ্ৰ নাৰ্জাৰী কিয় কংগ্ৰেছলৈ আহিল বুলি প্ৰশ্ন কৰি গগৈ কয় যে অসমত বাস কৰা সকলো ধৰ্ম-ভাষাৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ হ’লে এটাই দল আছে, সেইটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। সেয়েহে তেওঁলোকে কংগ্ৰেছ দলত যোগদান কৰা বুলি গগৈয়ে কয়।

ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা ‘বৃহৎ যোগদান’ কাৰ্য্যসূচীত তৰুণ গগৈ। ফটো : য়ু বি।

বিজেপি দলে চৰকাৰ চলোৱা নাই, আৰ এছ এছে চৰকাৰ চলোৱা বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৌ সিদিনা আৰ এছ এছৰ প্ৰমুখৰ সৈতে ২০১৯-ৰ লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা কৰিছে। আৰ এছ এছৰ শাসনে দেশত বিষাক্ত ৰূপ ধাৰণ কৰিছে। সেই বিষাক্ত শক্তিটো মষিমূৰ কৰিব লাগিব।”

বিজেপি শাসনলৈ অহাৰ পিছৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বেছিকৈ লোকচান হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় “হিন্দুসকলে চাকৰি পাইছে নেকি? হিন্দুসকলৰ বাবে বস্তুৰ দাম কমাইছে নেকি? আমাৰ শাসনৰ দিনত হিন্দু-মুছলমান উভয়ে লাভাম্বিত হৈছিল।”