বিটিএডিত অ-জনজাতিৰ বাবে ভূমিৰ অধিকাৰৰ দাবীত ওদালগুৰিত বিশাল প্ৰতিবাদী সমদল

Protest-against-Hagrama-Mohilary-570x320

বুধবাৰে ওদালগুৰিৰ মাজবাটত প্ৰতিবাদী সভাৰ দৃশ্য

বিটিএডিৰ বিভিন্ন অংশত বিটিএডিত বাস কৰা অ-জনজাতি লোকসকলৰ বাবে ভূমিৰ অধিকাৰৰ দাবীত আয়োজন কৰা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বুধবাৰে ওদালগুৰিত প্ৰায় ৮,০০০ লোকে এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে বাপুজী প্ৰকল্পৰ পৰা সমদল উলিয়াই ওদালগুৰিৰ মাজবাট চহৰৰ মাজেৰে এ-জনজাতিসকলৰ সমান ভূমিৰ অধিকাৰৰ দাবীত শ্ল’গান দিয়ে। বুধবাৰে প্ৰতিবাদকাৰীসকলে অলপতে বিটিচি কেবিনেটে অঞ্চলটোত বাস কৰা অ-জনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ কৰ্তন কৰাৰ সিদ্ধান্ত বিটিচি কৰ্তৃপক্ষক পুনৰ্বিবেচনা কৰাৰ দাবী জনায়।

প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰে অসম চাহ জনজাতি ছাত্ৰসন্থা (আটছা)ৰ মাজবাট শাখাৰ সৈতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ স্থানীয় শাখা, সদৌ অসম ছাত্ৰ সন্থা (আছু), সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু), সদৌ ৰাভা ছাত্ৰ সন্থা (আৰছু), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (এ জে ৱাই চি পি), সদ্য অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু) আৰু কলিতা জনগোষ্ঠী।

প্ৰতিবাদী সমদলৰ সময়ত হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে ‘বিপিএফ গ’ বেক’, ‘আমাক আমাৰ মাটি লাগে’, ‘বিটিচি ভংগ কৰক’ আদি শ্ল’গান দিয়াৰ লগতে ‘হাগ্ৰামাক বৰ্জন কৰক’, নতুন ভূমি আইনৰ ষড়যন্ত্ৰ নচলিব’, ইত্যাদি বেনাৰ দাঙি ধৰে।

বিশাল সমদলটো মাজবাটৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত সামৰণি পৰে।

বুধবাৰে ওদালগুৰিৰ মাজবাটত প্ৰতিবাদী সভাৰ দৃশ্য

 

 

প্ৰতিবাদী সমদল শেষ হোৱাৰ পিছত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। সভাত আছাৰ সভাপতি মেলখাছ টপ্প, অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাৰ লগতে আগছুৰ স্থানীয় নেতাসকলে ভাষণ দিয়ে।

প্ৰতিবাদকাৰীসকলে লগতে অসমৰ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ  সম্বোধন কৰি লিখা এখন স্মাৰক পত্ৰ মাজবাটৰ ৰাজহ চক্ৰ বিষয়া ধৃতিমান দাসৰ হাতত অৰ্পন কৰে।

স্মাৰক পত্ৰখনত কোৱা হৈছে যে জনজাতীয় বেষ্টনি আৰু খণ্ডত  চাহ জনজাতি, চাওতাল, কোচ-ৰাজবংশী, নাথ-যোগী, গোৰ্খাৰ দৰে পিছপৰা আৰু সংৰক্ষিত খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কিন্তু বিটিচি কেবিনেটে বিটিচি অঞ্চলত তেওঁলোকক অ-জনজাতি হিচাপে বিবেচনা কৰি তেওঁলোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে।

স্মাৰক পত্ৰখনত লগতে বিটিচি কেবিনেটৰ পদক্ষেপক  বিটিএডিৰ পৰা অ-জনজাততীয় লোকসকলক উচ্ছেদ কৰাৰ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰা হৈছে আৰু বিটিএডিত বাস কৰা অ-জনজাতীয় লোকসকলক সমান ভূমিৰ অধিকাৰ প্ৰদান কৰি আৰ্থ-সামাজিক অধিকাৰসমূহ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।