বিটিএডিৰ সামগ্ৰিক পৰিস্থিত সন্দৰ্ভত হাগ্ৰামা মহিলাৰীক সাক্ষাৎ সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ

ASOM SAHITYA SABHA delegate team

বিটিচি চৰকাৰে বি টি এডিত নতুন ভূমি নীতি গ্ৰহণ কৰা সিদ্ধান্তৰ সৰ্বত্ৰে বিৰোধিতা চলি থকা সময়তে বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ প্ৰতিনিধি দল এটাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰে। উল্লেখ্য যে কালি নিশা ৯ মান বজাত কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত সাহিত্যসভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগত এক আলোচনাত মিলিত হয়।

আলোচনা সময়ত, বি টি এ ডিত সুদূৰ অতীতৰ পৰা বসৱাস কৰি অহা অন্যান্য সংৰক্ষিত জনগোষ্ঠীৰ লগতে আদিবাসী, চাওতাল নেপালী,কোচৰাজবংশী আৰু নাথ যোগী জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ আৰু জনগোষ্ঠী বেষ্টনীৰ সংৰক্ষিত শ্ৰেণীৰ পৰা বঞ্চিত কৰিব বিচৰা বি টি চি কেবিনেটৰ সিদ্ধান্তক বাতিল কৰিবলৈ হাগ্ৰামা মহিলাৰীক আহ্বান জনায় সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে।

আনহাতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সাহিত্য সভাৰ প্ৰতিনিধি দলটোৰ আগত নিজৰ স্থিতি স্পষ্ট ৰূপত প্ৰকাশ কৰাৰ লগতে বি টি এ ডি অঞ্চলৰ সকলো জনগোষ্ঠীকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, সাহিত্য একাডেমীৰ অনুবাদক বঁটাপ্ৰাপক বিপুল দেউৰী, পুতুলী কায়স্থ, ড০ সঞ্জীৱ কুমাৰ শৰ্মা, হাবিবৰ ৰহমান, হৃদয়ানন্দ গগৈৰ লগতে জালাহ আঞ্চলিক, বাক্সা, বঙাইগাঁও আৰু কোকৰাঝাৰ আদি অঞ্চলৰ প্ৰতিনিধি সকলে কালিৰ এই আলোচনাত উপস্থিত থাকে।

আনহাতে উক্ত আলোচনা কালতে সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।