বিটিচি অঞ্চলত প্ৰভাৱ পেলালে অবড়ো সুৰক্ষা সমিতি আহ্বায়িত অসম বন্ধই, ৰাজ্যৰ বাকী ঠাইত প্ৰভাৱ শূন্য

বন্ধত ওদালগুৰি চহৰৰ দৃশ্য

অবড়ো সুৰক্ষা সমিতিয়ে আজি বৃ্হস্পতিবাৰে পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধই বিটিচি অঞ্চলসমূহত সাধাৰণ জীৱনযাত্ৰা ব্যাহত কৰে।

অৱশ্যে ৰাজ্যৰ অন্যান্য ঠাইত এই বন্ধৰ কোনো প্ৰভাৱ পৰা নাছিল।

বিটিচি চুক্তি কাৰ্য্যকৰী নকৰাৰ প্ৰতিবাদত সংগঠনটোৱে এই বন্ধৰ আহ্বান জনাইছিল।

বন্ধৰ সময়চোৱাত বিটিচি এলেকাৰ দোকান-পোহাৰ, কাৰ্য্যালয়, যান-বাহনৰ চলাচল আদি বন্ধ থকা দেখা যায়।

বিভিন্ন চৰকাৰী কাৰ্য্যালয়সমূহ খোলা থাকে যদিও সিবোৰতো উপস্থিতি সেৰেঙা থকা পৰিলক্ষিত হয়।

কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই।

অবড়ো সুৰক্ষা সমিতি বিটিচি এলেকাৰ অবড়ো সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ।

সংগঠনটোৱে বিটিচিৰ পৰা অবড়ো এলেকা সমূহ বাদ দিয়াৰ বাবে দাবী জনাই আহিছে।

বিভিন্ন বড়ো সংগঠনে পৃথক বড়োলেণ্ডৰ দাবী জনাই অহাৰ বিপৰীতে অবড়ো সংগঠনটোৱে অসমৰ বিভাজনে ৰাজ্যখনত ভয়ানক পৰিস্থিতিৰ জন্ম দিব বুলি চৰকাৰক সকীয়াই আহিছে।