বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে উত্থাপন কৰা ২০১৮-১৯ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক আদৰণি মুখ্যমন্ত্ৰী সোণোৱালৰ

07-04-16 Hawli- Sarbananda & Atul at election campaign (1)

আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে বিত্ত মন্ত্ৰী অৰুণ জেটলিয়ে উত্থাপন কৰা ২০১৮-১৯ বৰ্ষৰ কেন্দ্ৰীয় বাজেটখনৰ জৰিয়তে কৃষি, গ্ৰামোন্নয়ন, স্বাস্থ্য, শিক্ষা, নিয়োজন, এম এছ এম ই আৰু আন্তঃগাঁথনি খণ্ডক শক্তিশালীকৰণৰ বাবে লোৱা প্ৰচেষ্টাক আদৰণি জনায়। বাজেটখনত প্ৰধান খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য ইয়াৰ উৎপাদনৰ মূল্যৰ ডেৰ গুণ ধাৰ্য কৰা ঘোষণাই দেশৰ কৃষক সকলক উপকৃত কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়।

২০১৪-১৫ বৰ্ষৰ ৮.৫ লাখ কোটি টকাৰ প্ৰতিষ্ঠান পাম ঋণ ১১ লাখ কোটিলৈ বৃদ্ধিৰ বাবে লোৱা পদক্ষেপে কৃষিখণ্ডৰ উত্তৰণৰ দিশত বিশেষ সহায় কৰিব বুলি মুখ্য মন্ত্ৰীয়ে কয়। ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে ২২ হাজাৰ গ্ৰামীণ হাটক গ্ৰামীণ কৃষি বজাৰলৈ উন্নীতকৰণৰ ব্যৱস্থাই কৃষকৰ উপাৰ্জন বৃদ্ধিত বিশেষ সহায় কৰিব বুলিও মুখ্য মন্ত্ৰী কয়।

তদুপৰি আলু, বিলাহী, পিঁয়াজৰ মূল্য সুস্থিৰ কৰণৰ বাবে ‘অপাৰেশ্যন গ্ৰীণ’ প্ৰাৰম্ভণেৰে কৃষক আৰু উপভোক্তা উভয়কে উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

আনহাতে মীন আৰু পশুপালন খণ্ডৰ বাবে ১০ হাজাৰ কোটি টকাৰ দুটা নতুন পুঁজি ঘোষণাই এই খণ্ড দুটা উত্তৰণৰ দিশত বিশেষ সহায় কৰিব বুলিও মুখ্য মন্ত্ৰীয়ে কয়। একেদৰে পুনৰ গঠিত নেশ্যনেল বেম্ব’ মিছনে ১২৯০ কোটি টকাৰ বাজেট ঘোষণাই এই খণ্ডৰ উত্তৰণত সহায়ক হ’ব বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

মহিলা আত্মসহায়ক গোট সমূহলৈ ঋণ প্ৰদানৰ পুঁজি বিগত বৰ্ষৰ ৪২,৫০০ কোটি টকাৰ পৰা ২০১৯ বৰ্ষত ৭৫ হাজাৰ কোটি টকালৈ বৃদ্ধিয়ে মহিলা সবলীকৰণৰ দিশত বিশেষভাৱে সহায় কৰিব বুলি সোণোৱালে কয়।

নিম্ন আৰু মধ্য বিত্ত শ্ৰেণীৰ চাহিদা পূৰণ কৰাকৈ উজ্জ্বলা, সৌভাগ্য আৰু স্বচ্ছ অভিযানৰ জৰিয়তে বিনামূলীয়া ৰন্ধন গেছ, বিদ্যুৎ সংযোগ আৰু শৌচাগাৰ প্ৰদানৰ লক্ষ্যই এই শ্ৰেণীৰ জনসাধাৰণক উপকৃত কৰিব বুলি সোণোৱালে কয়।

২০২২ বৰ্ষৰ ভিতৰত সকলোবোৰ জনজাতীয় উন্নয়ন খণ্ডক একলব্য আৱাসীক বিদ্যালয় স্থাপনৰ বাবে কৰা ঘোষণাই জনজাতি সকলৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগাব বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়। অনুসূচিত জনজাতি কল্যাণ পুঁজি বৃদ্ধিৰ ফলত এই শ্ৰেণীৰ জনসাধাৰণ উপকৃত হ’ব বুলিও কয়।

স্বাস্থ্য, জ্যেষ্ঠ নাগৰিকৰ কল্যাণ ইত্যাদিৰ দিশটো এই বাজেটখনে কৰা বিশেষ ঘোষণাই ইয়াক এক কল্যাণকামী বাজেটলৈ ৰূপান্তৰিত কৰিছে বুলিও মুখ্য মন্ত্ৰীয়ে কয়।