বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ৰাষ্ট্ৰীয় হিন্দু সেনাৰ সম্পাদক ঘনশ্যাম কিৰণ

সংবাদ মাধ্যমৰ সন্মুখত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ৰাষ্ট্ৰীয় হিন্দু সেনাৰ সম্পাদক। কালি সংগঠনটোৰ সম্পাদকজনে মুছলমান ধৰ্মালম্বীলোক সকলক তেওঁলোকৰ সংগঠনটোৱে হত্যা কৰিব বুলি উগ্ৰ সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল। যাৰ ভিত্তিতে বৃহস্পতিবাৰে নিশা ফটাশিল আমবাৰী থানাৰ আৰক্ষীয়ে ৰাষ্ট্ৰীয় হিন্দু সেনাৰ নেতা তথা সম্পাদক ঘনশ্যাম কিৰণক সাম্প্ৰদায়িক মন্তব্য কৰাৰ অপৰাধত নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। পিছত ফতাশিল আমবাৰী আৰক্ষীয়ে কিছু নিৰাপত্তাজনিত কাৰণত বিতৰ্কিত মন্তব্য কৰা নেতাজনক লতাশিল থানালৈ প্ৰেৰণ কৰে। বৰ্তমান লতাশিল আৰক্ষীয়ে সংগঠনটোৰ সম্পাদকজনক জেৰা অব্যাহত ৰাখিছে। জানিব পৰা অনুসৰি নেতাজনক সোধা-পোছাৰ কাৰণে আটক কৰিছে যদিও এতিয়ালৈ তেওঁৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু হোৱা নাই।

উল্লেখযোগ্য যে ঘনশ্যাম কিৰণে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত অতি সাম্প্ৰদায়িক মন্তব্য কৰি কৈছিল যে ভাৰতত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীত হোৱাৰ পিছত নাগৰিক সকলক ধৰ্মৰ ভিত্তিত ভাগ কৰি মুছলমানসকলক দেশৰ পৰা খেদি পঠিয়াব। লগতে তেওঁ জমিয়তৰ মুৰব্বী আৰছাদ মাদানী আৰু এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক চেইখ চাহ আলমে কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৰাষ্ট্ৰীয় হিন্দু সেনাৰ লোকে নিজাববীয়াকৈ ভাৰতত বাস কৰা মুছলমানসকলক সামূহিক হত্যা কৰিব বুলি ভয়ংকৰ মন্তব্য কৰে।