বিদ্যালয়ৰ ভাষানীতি সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ সাহসী সিদ্ধান্ত : স্থানীয় ভাষাত পাঠদান হ’ব পঞ্চম শ্ৰেণী পৰ্য্যন্ত

language-nagaland

নাগালেণ্ডৰ ভাষানীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সৈতে আজি বিদ্যালয়ী শিক্ষা আৰু এছ চি ই আৰ টিৰ প্ৰধান সচিব মেনুখল জনে এখন জাননী জাৰি কৰিছে। এই জাননীত উল্লেখ কৰা নিৰ্দেশনা মতে, ৰাজ্যখনত ত্ৰি-ভাষাৰ নীতি প্ৰচলন কৰা হ’ব। প্ৰথম শ্ৰেণীৰ পৰা নাগা হেৰিটেইজ ষ্টাডিজ টেক্সটবুকৰ পাঠদান স্থানীয় ভাষাত দিব লাগিব।

আনহাতে এই নীতিৰ আধাৰত ২০১৯ চনৰ পৰা পৰ্য্যায়ক্ৰমে পঞ্চম শ্ৰেণীৰ পৰা আৰু ষষ্ঠৰৰ পৰা সপ্তম শ্ৰেণীলৈ ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰা ঐচ্ছিক ইংৰাজী (Alternative English) আঁতৰাই দিয়া হ’ব। এই নতুন নীতিৰ উদ্দেশ্য হৈছে সমগ্ৰ ৰাজ্যখনতে স্থানীয় ভাষা (dialects)বোৰক উৎসাহিত কৰা। প্ৰধান সচিবজনে ৰাজ্যখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়কে এই নিৰ্দেশনা কঠোৰভাৱে অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

জাননীখনত অৱশ্যে কোৱা হৈছে নগৰীয়া অঞ্চলবোৰত স্থানীয় ভাষা ব্যৱহাৰ কৰাৰ উপৰি স্থানীয় ভাষিক গোটৰ বাহিৰৰ ল’ৰা-ছোৱালীৰ বাবে নাগা হেৰিটেইজ ষ্টাডিজ ইংৰাজীতো পোৱা যাব।

ইতিমধ্যে নাগালেণ্ড মাধ্যমিক শিক্ষা পৰিষদৰ (NBSE)  অধ্যক্ষই ইয়াৰ অধীনৰ সকলো সংযুক্ত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই নিয়ম মানি চলা সন্দৰ্ভত প্ৰতিবেদন দিবলৈ কৈছে আৰু নিয়ম নমনা বিদ্যালয়বিলাকৰ তালিকা গাঁথি দিবলৈ নিৰ্দেশ দিছে, যাতে এইবোৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা যায়।

উল্লেখযোগ্য যে পূৰ্বৰ জেলিয়াং চৰকাৰে নাগালেণ্ডৰ বিদ্যালয়বোৰৰ ভাষানীতি সম্পৰ্কীয় অধ্যয়নৰ বাবে এখন কমিটী গঠন কৰি দিছিল। এই কমিটীখনে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে স্থানীয় ভাষাবিলাক ব্যৱহাৰত নথকাৰ বাবে বহুতো মুখৰ ভাষা সংকটাপন্ন হৈ পৰিছে। প্ৰতিবেদনটোৰ মতে, সাম্প্ৰতিক সময়ৰ বেছিভাগ নাগা ল’ৰা-ছোৱালীয়েই তেওঁলোকৰ স্থানীয় ভাষাত ভাব আদান-প্ৰদান কৰিব নোৱাৰে। আনকি ঘৰতো নাগামীজ বা ইংৰাজীতে কথা পাতে।

নতুন চৰকাৰখনৰ উপৰোক্ত নতুন ভাষানীতিও উক্ত কমিটীৰ প্ৰতিবেদনৰ আধাৰতে লোৱা হৈছে।