NORTHEAST NOW (Assamese)

বিদ্যুৎ বিভাগৰ দায়িত্বহীনতাত নিহত প্ৰদীপ চেতিয়াৰ পৰিয়ালক ২.৫০ লাখ টকাৰ ক্ষতিপূৰণ শক্তি মন্ত্ৰী তপন গগৈৰ

May 29, 2018 12:11 pm · এন ই নাও নিউজ

সোণাৰিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাবটি লোৱা প্ৰদীপ চেতিয়া নামৰ লোকজনৰ পৰিয়াললৈ শক্তি মন্ত্ৰী তপন গগৈয়ে আঢ়ৈ লাখ টকাক এককালীন সাহায্য ঘোষণা কৰে।

উল্লেখযোগ্য যে সোমবাৰে প্ৰদীপ চেতিয়া নামৰ লোকজনে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবে কাকতিবাৰী তিনিআলিত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লৈছিল।

প্ৰাপ্ত তথ্য মতে প্ৰদীপ চেতিয়া নামৰ লোকজনে বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে চেতিয়াৰ ঘৰত উপস্থিত হৈছিল বিদ্যুৎ বিভাগৰ লোক। পিছত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে চেতিয়াৰ ঘৰৰ বিদ্যুৎ সংযোগ কাটি দিছিল।

মন কৰিব লগীয়া যে বিদ্যুৎ সংযোগ কাটি দিয়াৰ পিছত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে বিপজ্জনকভাৱে ওলমাই থৈ যায়। আৰু দুৰ্ভাগ্যবশত প্ৰদীপ চেতিয়া উক্ত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুক সাবটি লয়।

আনহাতে এই ঘটনাক লৈ সোমবাৰে স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল। প্ৰতিবাদকাৰী সকলে নিহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনাইছিল।

আৰু পিছত স্থানীয় ৰাইজৰ প্ৰতিবাদত সেও মানি শক্তি মন্ত্ৰী তপন গগৈয়ে নিহতৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰে। আনহাতে সোমবাৰেই আৰক্ষীয়ে বিদ্যুৎ বিভাগৰ দুই কৰ্মচাৰীক আটক কৰে।

Related News