NORTHEAST NOW (Assamese)

ঋতুপৰ্ণ বৰুৱাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক মৃণাল শইকীয়া, বিজেপিৰ গোলাঘাট সমিতিৰ সভাপতিৰ

May 29, 2018 9:22 am · উত্তম শইকীয়া
Updated: May 29, 2018 9:24 am

লাহোৱালৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলি মন্তব্য কৰাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰা আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

উল্লেখযোগ্য যে বিধায়ক ঋতুপৰ্ণ বৰুৱাই এই ষড়যন্ত্ৰ গোলাঘাটৰ পৰাই আৰম্ভ হোৱা বুলি কৰা মন্তব্যত আশ্বৰ্য প্ৰকাশ কৰাৰ লগতে দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে দুয়োজন নেতাই ৷ লগতে দলৰ ভিতৰৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক যদি সঁচাই ষড়়যন্ত্ৰ হৈছে তাক পুলিতেই মষিমূৰ কৰিব লাগিব বুলি মন্তব্য কৰে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰাই ৷

আনহাতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো জানিব পৰা বুলি জানিবলৈ দিয়ে। লগতে বিধায়ক শইকীয়াই মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাক লৈ একাংশ লোকে ষড়যন্ত্ৰ কৰাতো কোনো আচৰিত কথা নহয় বুলি মন্তব্য কৰাৰ লগতে দলৰ ভিতৰৰ পৰা এনে ষড়যন্ত্ৰ হোৱাৰ কথা অস্বীকাৰ কৰে ৷

কাৰণ পূৰ্বতকৈ মুখ্য মন্ত্ৰীৰ জনপ্ৰিয়তা বাঢ়িছে বুলি মন্তব্য কৰি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগত আলোচনা কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে মৃণাল শইকীয়াই।

প্ৰাক্তন বিধায়ক তৰুণ গগৈয়ে সোমবাৰে সংবাদমেল যোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ যুঁজত ব্যস্ত থকা বুলি কৰা মন্তব্যক  বিধায়ক মৃণাল শইকীয়াই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মন্তব্যৰ কোনো ভিত্তি নাই বুলি কয়।

তাৰোপৰি খুমটাইৰ বিধায়কগৰাকীয়ে কয় যে, ‘পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য বৃদ্ধি হোৱাৰ বাবেই প্ৰতিদিনে পে’ট্ৰল-ডিজেলৰ মূল্য বাঢ়ি আছে বুলি মন্তব্য কৰে ৷ মূল্য হ্ৰাস কৰাৰ বাবে আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰি আছে।’

Related News