বিধেয়ক গৃহীত হ’লে চৰকাৰৰ সৈতে মিত্ৰতা ভংগ কৰিব অগপই : মন্ত্ৰী ফণীভূষণ চৌধুৰী

Phani-story-pic-copy-570x320

মন্ত্ৰী ফণীভূষণ চৌধুৰী : ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ গৃহীত হ’লে অগপই চৰকাৰৰ সৈতে মিত্ৰতা ভংগ কৰিব। অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত দেওবাৰে দলৰ জিলা কৰ্যালয়ত অনুষ্ঠিত এখন সাংগঠনিক সভাত অংশগ্ৰহণৰ বাবে যোৱা অগপৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অসম তথা অসমীয়াৰ স্বাৰ্থত প্ৰয়োজনত হিন্দু বাংলাদেশী সংস্থাপনৰ বিষয়টোত অগপই কেবিনেটত বিৰোধিতা কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অসম চুক্তিৰ আধাৰত গঠিত হোৱা অগপ দলে অসম চুক্তিক অৱমাননা কৰা যিকোনো সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিব বুলিও মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

আনহাতে, দেওবাৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সদৌ নলবাৰী জিলা জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ উদ্যোগত নলবাৰীৰ হৰি মন্দিৰত অনুষ্ঠিত পৰিষদৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো অংশ লয়।

জাতীয় শ্বহীদ পৰিয়ালৰ সদস্য সকলৰ উপস্থিতিত পৰিষদৰ সভাপতি ৰাজেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা হয়। উক্ত সভাতে ডেকাই কয় যে কোনো কাৰণতে বিধেয়কখন মানি লোৱা নহয় আৰু বিধেয়কখন আইনত পৰিণত হ’লে অসমৰ ৮৫৫ টা শ্বহীদ পৰিয়ালে চৰকাৰে দিয়া পাঁচ লাখ টকা আৰু জাতীয় শ্বহীদৰ সন্মান ঘুৰাই দিব বুলি তেওঁ ব্যক্ত কৰে।