বিধ্বস্ত ঐতিহাসিক চেউনী আলি মেৰামতিৰ দাবীত স্থানীয় ৰাইজৰ পথ অৱৰোধ

চেউনী আলি

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক চেউনী আলি পথটো আজি স্থানীয় ৰাইজে সকলো ধৰণৰ ব্যৱসায়িক যান-বাহনৰ চলাচল নিষিদ্ধ কৰি দুয়ো দিশৰে প্ৰবেশ পথ বন্ধ কৰে।

উল্লেখযোগ্য যে হাঁহচৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা হাঁহচৰা চেতিয়া গাঁও, আৰু চূড়ামণি ডিব্ৰুৱাল গাওঁ হৈ পুনৰ জাঁজী দলঙৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথক সংযোগ কৰা এই ঐতিহাসিক চেউনী আলিটো জাঁজী নদীৰ বালি মহলৰ ট্ৰাক আৰু জেচিবিৰ চলাচলে সম্পূৰ্ণ বিধ্বস্ত কৰি তুলিছে।

জাঁজী পদুমণি বালি মহল আৰু জাঁজী তেতেলীগুৰি বালি মহল দুটাৰ গধুৰ যান বাহন সমূহে পথটোৰে চলাচল কৰাত পথটো যাতায়াতৰ অনুপযোগী হৈ পৰে।

যাৰ ফলত স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত পথেৰে অহা-যোৱা কৰাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।

জানিব পৰা মতে পথটোৰ অৱস্থা শোচনীয় হৈ পৰাত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰি ওলাই আহি নদীত বালি খনন কৰি থকা জেচিবিকে ধৰি কেইবাখনো বাহন উক্ত অঞ্চলৰ পৰা খেদি পথটো বন্ধ কৰি দিয়ে। লগতে প্ৰতিবাদ কাৰী সকলে বালি মহলৰ গৰাকীক উক্ত পথ শীঘ্ৰে মেৰামতি কৰিবলৈ আহ্বান জনাইছে। মেৰামতি সম্পূৰ্ণ নোহোৱালৈকে বালি মহলৰ সকলো যান-বাহনৰ উক্ত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰে।

উল্লেখযোগ্য যে  ১১নং পূব লাহিং গাঁও পঞ্চায়তে এম জি এনৰেগা আঁচনিৰ দ্বাৰা প্ৰায় ২.৯০ লাখ টকা ব্যয়ৰে বিগত বৰ্ষত পথটো মেৰামতি কৰিছিল যদিও বৰ্তমান বালি পৰিবাহী ট্ৰাকৰ উপদ্ৰৱত পথটোৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে উক্ত পথেৰে স্থানীয় ৰাইজ খোজ কাঢ়িও যাব নোৱাৰে।