NORTHEAST NOW (Assamese)

‘বিনাদোষ’ত আটক আটছা নেতাক; প্ৰতিবাদত জামুগুৰিহাটত অৱৰোধ ৰাষ্ট্ৰীয় ঘাইপথ

April 11, 2018 10:05 pm · এন ই নাও নিউজ

সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা ( AATTSA )ৰ ন-দুৱাৰ শাখাৰ উপ সভাপতি মিন্তু  ভূমিজক ১০ এপ্ৰিলৰ নিশা আহি অসম ৰাইফলছৰ এটা দলে আহি নেতাগৰাকীৰ হাতত কোনো অস্ত্ৰ নোপোৱা সত্ত্বেও ‘অস্ত্ৰ থকাৰ সন্দেহত’ আটক কৰি নিয়াৰ প্ৰতিবাদত আজি ১১ এপ্ৰিলত সংগঠনটোৰ কৰ্মীসকলে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

আটছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু নদুৱাৰ, বিশ্বনাথ, বিহালী আৰু ঢেকীয়াজুলি শাখাৰ সদস্য আৰু ৰাইজৰ সহযোগত জামুগুৰিহাটৰ নাহৰবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায় ২ ঘন্টা ধৰি পথ অৱৰোধ কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। পিছত জিলা প্ৰশাসনৰ বিষয়ববীয়া আহি বিষয়টো আলোচনাৰ বাবে সংগঠনটোৰ নেতৃত্বক উপায়ুক্ত কাৰ্য্যালয়লৈ মতাত তেওঁলোকে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে।

বিনা দোষত, হাতত কোনো অস্ত্ৰ নথকা সত্ত্বেও ভূমিজক নিশাটো আটক কৰি ৰখাৰ প্ৰতিবাদত কালিও  শতাধিক আটছা কৰ্মীয়ে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

ভূমিজক আটক কৰি সোধপোচৰ নামত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ  উত্থাপিত হৈছে|

বিনাদোষে ভূমিজক হাৰাশাস্তি কৰাত জড়িতসকলক শাস্তি প্ৰদানৰ বাবে আটছাই দাবী জনাইছে।

জানিব পৰা মতে ৰাতি প্ৰায় ২ বজাত বিবেক পেনলি নামৰ বিষয়াজনৰ নেতৃত্বত অহা ২৪ অসম ৰাইফলছৰ দলে নেতাগৰাকীক আটক কৰি সোধপোচৰ বাবে চতিয়া থানালৈ আনিছিল। ১০ এপ্ৰিলৰ পুৱা ভূমিজক মুকলি কৰি দিয়াত সমষ্ট ঘটনাটো পোহৰলৈ আহে।

Related News