মাৰ্ঘেৰিটাত বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰি মাৰোৱাড়ী যুৱ মঞ্চৰ আহ্বান-সতৰ্ক হওক, জীৱন বচাওক

মাৰ্ঘেৰিটাত হেলমেট বিতৰণ

পথ দুৰ্ঘটনা সমূহৰ পৰা ৰক্ষা পোৱাৰ বিষয়ে আজি মাৰোৱাড়ী যুৱ মঞ্চ, মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত এক সতর্কতামূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুচকীয়া আৰু চাৰিচকীয়া বাহন চালকসকলৰ লগতে ৰাইজৰ মাজত হেলমেট পৰিধান আৰু চিট বেল্ট পৰিধানৰ প্ৰয়োজনীয়তাৰ ওপৰত সজাগতাৰ উদ্দেশ্যে মাৰ্ঘেৰিটা চালিগ্ৰাম পেট্ৰল পাম্পৰ সমীপত এখন সভা অনুষ্ঠিত কৰে। উক্ত সজাগতা অনুষ্ঠানত বহুকেইজন ব্যক্তিক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰা হয়।

এই অনুষ্ঠানত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে উপস্থিত থাকে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি সুমিত সত্তাৱন। যিসকল লোকে হেলমেট পৰিধান কৰি মটৰ চাইকেল চলাইছিল তেওঁলোকক এপাহ কৈ গোলাপ ফুলৰে শুভেচ্ছা জনায় মাৰোৱাড়ী যুৱ মঞ্চ, মাৰ্ঘেৰিটা শাখাই। অনাগত দিনতো মাৰ্ঘেৰিটা মাৰোৱাড়ী যুৱ মঞ্চই ৰাইজৰ জনহিতাৰ্থে সজাগতামূলক কাৰ্যসূচী হাতত ল’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আজিৰ সজাগতা অভিযানত নিয়ন্ত্ৰিত গতিত বাইক চলোৱা, হেলমেট পৰিধান কৰাৰ উপৰি যান-বাহন আইন মানি চলিবৰ বাবে আহ্বান জনোৱা হয়। দুৰ্ঘটনাই কন্দুৱাই, সুৰক্ষাই হঁহুৱায়।গাড়ী চলাওঁতে চিট বেল্ট ব্যৱহাৰ কৰক আদি শ্লোগানো দিয়া হয়। আজিৰ সজাগতা সভাত উপস্থিত থকা কেইবাজনো সচেতন ব্যক্তিয়ে মন্তব্য ৰাখে যে  সমাজৰ প্ৰতিজন নাগৰিকে নিজে নিজৰ ঘৰখনৰ পৰা যদি ল’বলগা সাৱধানতা, সতৰ্কতা, দায়িত্ববোধ ইত্যাদি বিষয়বোৰ আৰম্ভ কৰে, আমাৰ বিশ্বাস নিশ্চয় অসমত পথ-দুৰ্ঘটনাত মৃত্যুৰ দৰে শোকাৱহ ঘটনাই কোনো মাতৃৰ কোলা উদং নকৰিব বা কোনো ল’ৰা-ছোৱালীয়ে অন্ততঃ দুৰ্ঘটনাত পিতৃক, ভ্ৰাতৃক হেৰুৱাবলগীয়া নহ’ব।

বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) জৰীপ অনুসৰি ভাৰতৰ পথ ব্যৱস্থা অতি দুঃখজনক । পৰিসংখ্যাৰ ভিত্তিত ক’বলৈ গ’লে প্ৰায় ১,৩০,০০০ মানুহৰ প্ৰতিবছৰে ভাৰতত পথ দুৰ্ঘটনাত মৃত্যু হয়। পৃথিৱীৰ পথ দুৰ্ঘটনাত আন ঠাইত যিটো এক শতাংশ মৃত্যুৰ হাৰ, তেনেস্থলত ভাৰতত ইয়াৰ সংখ্যা দহ শতাংশ। ঠিক তেনেদৰে অসমত দৈনিক বহু পথ দুৰ্ঘটনাত মানুহৰ মৃত্যুৰ শোকাৱহ বাতৰি দেখিবলৈ বা খবৰ কাকতত পঢ়িবলৈ পোৱা যায়। এই দুৰ্ঘটনাত মৃত্যুৰ বয়সভিত্তিক যদি কথাবোৰ লক্ষ্য কৰা যায় তেতিয়াহ’লে দেখা যায় যে প্রায় (১৫-৪৫) বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত দুৰ্ঘটনাৰ সংখ্যা বেছি।

পথ দুৰ্ঘটনা ৮০ শতাংশ চালকৰ ভুলৰ বাবে সংঘটিত হয়। প্ৰতিদিনে চৰকাৰী তথ্য অনুসৰি ৩৫০জন মানুহৰ অসাৱধানতাৰ কাৰণে ভাৰতবৰ্ষত মৃত্যু হয়। চৰকাৰী বহু নীতি-নিৰ্দেশনা বান্ধি দিয়াৰ পিছতো পথ সুৰক্ষা নীতি প্রায়ক্ষেত্ৰতে মানি চলা দেখা নাযায়। উদাহৰণস্বৰূপে মটৰ চাইকেল চলাওঁতে হেলমেট পৰিধান কৰা, গাড়ী চলাওঁতে চিটবেল্ট পৰিধান কৰা, দ্রুতবেগত গাড়ী নচলোৱা, সুৰাপান কৰি গাড়ী নচলোৱা, পথচাৰীৰ ওপৰত দৃষ্টি ৰখা, এখন গাড়ীৰ পৰা আন এখন গাড়ীৰ মাজত দূৰত্ব বজাই বাহন চলোৱা, নিশা ডীপাৰ লাইটৰ ব্যৱহাৰ কৰা ইত্যাদি বহু নীতি-নিয়ম চৰকাৰীভাবে বান্ধি দিয়াৰ পিছতো প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।