কেন্দ্ৰই উত্তৰ-পূব দূৰ সংযোগ খণ্ডত বিনিয়োগ কৰিব পোন্ধৰ হেজাৰ কোটি টকা

মনোজ সিনহা

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোন ডিজিটেল ইণ্ডিয়াক বাস্তৱ ৰূপ দিয়াৰ অংশ স্বৰূপে উত্তৰ-পূবত দূৰ সংযোগ ক্ষেত্ৰত বিনিয়োগ পোন্ধৰ হেজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় দূৰ সংযোগ মন্ত্ৰ্যালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী মনোজ সিনহাই মঙলবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত এই কথা সদৰী কৰে। মঙলবাৰে হোটেল তাজ ভিভাণ্টাত উত্তৰ-পূবৰ মন্ত্ৰীসকলৰ লগত দূৰ সংযোগ প্ৰকল্পসমূহৰ অগ্ৰগতি আৰু অন্যান্য প্ৰকল্পৰ বিষয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত কেন্দ্ৰই উত্তৰ-পূবৰ বাবে লোৱা দূৰ সংযোগ প্ৰকল্প তথা ইতিপূৰ্বে লোৱা আচঁনিসমূহৰ বিষয়ে সদৰী কৰে।

উত্তৰ-পূবৰ ১২,০১৭ গাওঁ পঞ্চায়তক দূৰ সংযোগ ব্যৱস্থাৰ অধীনলৈ অনাৰ কথা উল্লেখ কৰি কয় যে ২০১৯ চনৰ মাৰ্চৰ ভিতৰত উত্তৰ-পূবৰ সকলো গাওঁ পঞ্চায়তক এই ব্যৱস্থাৰ অধীনলৈ অনাৰ লক্ষ্যৰে বিনিয়োগৰ পৰিমান পোন্ধৰ হেজাৰ কোটি টকালৈ বৃদ্ধিৰ পৰিকল্পনা কৰা বুলি জনায়। ইয়াৰ উপৰি এই বছৰৰ ভিতৰত উত্তৰ-পূৱৰ ৪২৪০ খন গাওঁ পঞ্চায়তক ‘ব্ৰড বেণ্ড’ আৰু উপগ্ৰহীয় সংযোগ ব্যৱস্থাৰ অধীনলৈ অনাৰ বাবে ৭৩৩ কোটি টকা ব্যয় ধাৰ্য কৰা বুলিও সংবাদমেলত কয়। আনহাতে মোবাইল নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে গাওঁ, চহৰ তথা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতো মোবাইল টাৱাৰ স্থাপন কৰাৰ পৰিকল্পনা লোৱা বুলি সদৰী কৰে।

উল্লেখযোগ্য যে মঙলবাৰে অনুষ্ঠিত হোৱা বৈঠকত অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত ২,৮১৭ টা মোবাইল টাৱাৰ স্থাপন কৰাৰ বাবে বি এছ এন এল আৰু ইউ এছ অ’ ফাণ্ডৰ সৈতে চুক্তি সম্পন্ন হয়। স্মৰ্তব্য যে বি এছ এন এলে উত্তৰ-পূৰ্বাঞ্চললৈ ৰূপায়ন কৰা অষ্টমংগল প্ৰকল্পও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰান্তটোৰ বাবে উচৰ্গা কৰে। এই প্ৰান্তটোৰ দূৰ সংযোগ ব্যৱস্থাৰ বিকাশ সাধন হ’লেহে নিয়োগ, পৰ্যটন তথা উদ্যোগীকৰণৰ গতি অধিক ত্বৰাণ্বিত হ’ব বুলি কয় মন্ত্ৰী মনোজ সিনহাই।

এই বৈঠকত উপস্থিত থকা অসমৰ তথ্য প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই কেন্দ্ৰ চৰকাৰে লোৱা পদক্ষেপ সমূহক লগতে বিভাগটোৰ কাম কাজ ত্বৰাণ্বিত কৰাৰ বাবে কেন্দ্ৰই এজন বিশেষ সচিব নিয়োগ কৰাৰ যি সিদ্ধান্ত লৈছে তাক আদৰণি জনায়। বৈঠকত অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, টেলিকম বিভাগৰ সচিব অৰুণা সুন্দৰাজন, ড’নাৰ মন্ত্ৰ্যালয়ৰ সচিব নবীন বাৰ্মা, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ আৰু বি এছ এন এলকে ধৰি টেলিকম খণ্ডৰ বহু বিষয়া উপস্থিত আছিল।