বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে বৰাক উপত্যকাতো নৱবৰ্ষক আদৰণি

NavaBarsh

সমগ্ৰ ৰাজ্যখনত উলাহৰ মাজেৰে ৰঙালী বিহু উদযাপিত হৈ থকাৰ লগতে বৰাক উপত্যকাতো অসমীয়া নৱবৰ্ষ উদযাপন কৰা হৈছে। অৱশ্যে বাঙালীসকলৰ প্ৰাধান্য থকা অসমৰ বৰাক উপত্যকাত থকা বাঙালীসকলে ইয়াক বাংলা নৱবৰ্ষ বুলিয়ে কয়। অৰ্থাৎ অসমীয়াৰ যেনেদৰে ব’হাগ মাহতে নৱবৰ্ষ আৰম্ভ হয়, বাঙালীসকলৰো একেই মাহতে নৱবৰ্ষ আৰম্ভ হয়।

সেয়া যি নহওক, উপত্যকাটোৰ লোকসকলে সাংস্কৃতিক আৰু ধৰ্মীয় আচাৰ-বিচাৰৰ মাজেৰে এই নৱবৰ্ষ উদযাপন কৰা দেখা গৈছে। শিলচৰত আজি পুৱাৰ ভাগতে বিভিন্নটা সামাজিক সংগঠনে বৃহৎ সমাৱেশ উলিওৱা দেখা গৈছে। মাইকত বাজি আছিল “এসো হে বৈশাখ এসো এসো” শীৰ্ষক ৰবীন্দ্ৰ সংগীত। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰী-ছাত্ৰীয়েও সমাৱেশটো অংশগ্ৰহণ কৰিছিল।

মূল উদ্যোক্তা ‘নৱবৰ্ষ উদযাপন সমিতি’ৰ উদ্যোগত অনুষ্ঠিত আজিৰ সমাৱেশটোত নৱবৰ্ষ সম্পৰ্কীয় কবিতা আবৃত্তিৰে নতুন বছৰক আদৰাৰ লগতে অনুষ্ঠানটোত নৃত্যও পৰিৱেশন কৰা হয়।

কাৰ্য্যসূচীটোত সন্মিলিত সাংস্কৃতিক মঞ্চ, দিশাৰি, মাতৃভাষা ঐক্য মঞ্চয়ো অংশগ্ৰহণ কৰিছিল।

আনহাতে চহৰখনৰ বংগ ভৱনত আজি পুৱা অনুষ্ঠিত সাংস্কৃতিক কাৰ্য্যসূচীত বিশিষ্ট শিল্পীসকলে অংশ গ্ৰহণ কৰে। চেহনাই বাদক শুকুৰ আলীয়েও এই অনুষ্ঠানত ভাগ লৈছিল বুলি জানিব পৰা গৈছে।

নৱবৰ্ষ উদযাপনৰ কাৰ্য্যসূচী উপত্যকাটোৰ উধাৰবন্দ, হাইলাকান্দি, বদৰপুৰ, কৰিমগঞ্জ আৰু অন্যান্য ঠাইতো বৃহৎ সংখ্যক জনতাৰ অংশ গ্ৰহণেৰে পালন কৰা হৈছে বুলি খবৰ পোৱা গৈছে।

মন কৰিব লগীয়া কথাটো হ’ল ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া সমাজৰ দৰেই বৰাক উপত্যকাৰ লোকসকলকো নৱবৰ্ষক আদৰোতে বিবিধ খোৱা-বোৱাৰ জুতি লোৱা দেখা যায়।

আনহাতে বিভিন্ন ঠাইত পৰম্পৰা ৰক্ষা কৰি চৰক পূজা, মেলা আয়োজন কৰাও দেখা গৈছে।