বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সামৰি নিটি আয়োগৰ উপাধ্যক্ষৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

CM's Meeting with NITI Aayog VC
জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভা কক্ষত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নিটি আয়োগৰ উপাধ্যক্ষ ড ৰাজীৱ কুমাৰৰ মাজত ৰাজ্যখনৰ বিভিন্ন বিষয়ক সামৰি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে গৰাখহনীয়াৰ ফলত ৰাজ্যখনে প্ৰতি বছৰে প্ৰায় ৮ হাজাৰ হেক্টৰ ভূমি হেৰুৱাব লগা হয় বুলি উল্লেখ কৰি ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে এটা বহু ৰাষ্ট্ৰীয় ব্যৱস্থা গঠন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিটি আয়োগক আহ্বান জনায়।

মুখ্য মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নিটি আয়োগৰ উপাধ্যক্ষ গৰাকীয়ে এই ক্ষেত্ৰত পদক্ষেপ লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ উপৰি অলপতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন বৈঠকত উত্তৰ-পূব জল ব্যৱস্থাপনা প্ৰাধিকৰণ গঠন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলিও বৈঠকত অৱগত কৰে।

আজিৰ বৈঠকত ২০১৭ বৰ্ষত ম্যাদ উকলি যোৱা নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰমোচন পলিচি, ২০০৭ৰ লোখীয়াকৈ এই অঞ্চলৰ বাবে শ্ৰীঘে এখন নতুন উদ্যোগিক নীতি ৰূপায়ণ কৰিবলৈ সোণোৱালে নিটি আয়োগক আহ্বান জনায়।

ইয়াৰ উপৰি শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ প্ৰকল্প, গ্ৰামীন জীৱিকা, দক্ষতা উন্নয়ন আদিৰ ক্ষেত্ৰত পুঁজি আবণ্টন বৃদ্ধি কৰাৰ বাবে নিটি আয়োগক আহ্বান জনোৱাত উপাধ্যক্ষ গৰাকীয়ে এই ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা লোৱা হ’ব বুলি কয়।

আজিৰ বৈঠকত শক্তি বিভাগৰ ৰাজ্যিক মত্ৰী পল্লৱ লোচন দাস, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব টি ৱাই দাসৰ উপৰি আন আন জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।