বিশিষ্ট পৰিবেশ কৰ্মী পুৰ্ণিমা দেৱী বৰ্মনলৈ নাৰী শক্তি পুৰস্কাৰ ২০১৭ৰ সন্মান

Purnima Devi Barman

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোতে আজি ৰাজ্যবাসীৰ বাবে এটি সুখবৰ।

অসমৰ বিশিষ্ট পৰিবেশ কৰ্মী পুৰ্ণিমা দেৱী বৰ্মনক নাৰী শক্তি পুৰস্কাৰ ২০১৭ৰ বাবে নিৰ্বাচিত কৰা হৈছে। আজি দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনত তেওঁক উক্ত বঁটা প্ৰদান কৰিব।

তেওঁক হাড়গিলা চৰাই  সংৰক্ষণৰ বাবে লৈ অহা অভিনৱ পদক্ষেপৰ বাবে বিগত বৰ্ষৰ মে’ মাহত গ্ৰীন অস্কাৰ হিচাপে জনাজাত হুইটলি বঁটাৰেও সন্মানীত কৰা হৈছিল।

হাজোৰ পছৰীয়াৰ বাসিন্দা তথা আৰণ্যক নামৰ বেচৰকাৰী পৰিবেশ সংস্থাটোৰ সৈতে জড়িত পুৰ্ণিমা বৰ্মনে অঞ্চলটোৰ মহিলা সকলক বয়ন শিল্পৰ যোগে আত্ম-সহায়ক গোটত সংগঠিত কৰি স্বাৱলম্বী কৰি তোলাৰ লগতে তাৰ পৰা আহৰণ কৰা ৰাজহ হাড়গিলা সংৰক্ষণৰ কামত ব্যৱহাৰ কৰি আহিছে।

উল্লেখযোগ্য যে, ‘International Union for Conservation of Nature’ ৰ মতে উক্ত পক্ষীবিধৰ মুঠ সংখ্যা হৈছে প্ৰায় ১,২০০ৰ পৰা ১,৮০০ ভিতৰত। ইয়াৰে প্ৰায় ৮০০ চৰাই অসমত আছে।