NORTHEAST NOW (Assamese)

বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা, চিকিৎসক ডাঃ অমল কটকী আৰু সাংবাদিক জাৰিৰ হুছেইনলৈ ‘ডি পি আৰ চি’ বঁটা

June 24, 2018 11:19 pm · পুলেন্দ্ৰ দাস

আৰ্তজনক কম খৰচতে উন্নতমানৰ ফিজিঅ’থেৰাপী চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্যত স্থাপন কৰা ‘ডি পি আৰ চি’ য়ে অহা ৮ জুলাইত ইয়াৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰিব।

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা এই বৰ্ষপুৰ্তি অনুষ্ঠানতে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা, বিশিষ্ট চিকিৎসক তথা গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল কটকী আৰু বৈদ্যুতিন মাধ্যম নিউজ লাইভৰ মুখ্য পৰিচালন সঞ্চালক জাৰিৰ হুছেইনক ২০১৮ বৰ্ষৰ ‘ডি পি আৰ চি’ বঁটা প্ৰদান কৰা হ’ব।

আজি বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰি কৰে দিগন্তজ ফিজিঅ’থেৰাপী এণ্ড ৰি-হেবিলিটেশ্যন চেণ্টাৰ চমুকৈ ‘ডি পি আৰ চি’ৰ পৰিচালন সঞ্চালক দিগন্ত দাসে।

সংবাদমেলত দাসে জনায় যে, নামনি অসমৰ জিলাকেইখনৰ লোকৰ উন্নত ফিজিঅ’থেৰাপী সেৱাৰ বাবে বৰপেটাত অহা ৮ জুলাইত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই ‘ডি পি আৰ চি’ৰ এটা কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব।

উক্ত দিনা সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’বলগা ‘ডি পি আৰ চি’ৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্য চৰকাৰৰ কেবাজনো মন্ত্ৰীৰ লগতে বৰপেটা জিলাৰ কেবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলিও দাসে জানিবলৈ দিয়ে।

তদুপৰি অনুষ্ঠানত ‘ফিনিক্স’ শীৰ্ষক এখনি স্মৰণিকা উন্মোচন কৰাৰ লগতে সুৱদি কণ্ঠৰ গায়িকা ডলী ঘোষ (সাধ্য)এ সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলিও সংবাদমেলত দাসে উল্লেখ কৰে।

Related News