বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ উন্মোচন

গুৱাহাটীত আজি ময়ূৰ বৰাৰ এখন গন্থ অসমীয়া স্বাভিমানৰ ৰূপৰেখা উন্মোচন কৰা হয়। ফটো : য়ু বি।

বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাৰ  চতুৰ্দশ গ্ৰন্থ ‘অসমীয়া স্বাভিমানৰ ৰূপৰেখা’ আজি গুৱাহাটীৰ কনকলতা বৰুৱা প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লেখক, চিন্তাবিদ ড অমৰজ্যোতি চৌধুৰী, বিশিষ্ট লেখক, সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অৰূপ বৰবৰা আৰু দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱা। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ড অমৰজ্যোতি চৌধুৰীয়ে ময়ূৰ বৰাৰ গ্ৰন্থখনৰ প্ৰশংসা কৰি কয় যে সকলো দিশৰ পৰাই জাতিটো শক্তিশালী হ’লেহে অসমীয়াৰ স্বাভিমান ৰক্ষা পৰিব। লগতে তেওঁ কয় যে যুৱ প্ৰজন্মই অসমৰ স্বাভিমান ৰক্ষাত আগভাগ ল’ব লাগিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰাগ নিউজৰ মুখ্য সম্পাদক  অজিত কুমাৰ ভূঞাই ময়ূৰ বৰাৰ লেখাক উচ্চ প্ৰশংসা কৰি তেওঁৰ লেখাই অসমীয়া সমাজ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে বুলি কয়। লগতে তেওঁ চৰকাৰী পক্ষই অসমীয়াৰ স্বাভিমানত যে আঘাত হানিছে তাকো উল্লেখ কৰে।

নিজৰ বক্তব্যত নিতুমনি শইকীয়াই বৰ্তমান সময়ত অসমত বৌদ্ধিক ভণ্ডামিৰ কথা দোহাৰি অসমৰ স্বাভিমান ৰক্ষাত লেখকসকল দায়বদ্ধ হ’ব লাগিব বুলি কয়।

আন এজন অতিথি, অধিবক্তা অৰূপ বৰবৰাই নিজৰ বক্তব্যত ময়ূৰ বৰাক অসমীয়া সাহিত্যত দিয়া অৱদানৰ বাবে ধন্যবাদ প্ৰদান কৰে।

আনহাতে গ্ৰন্থখনৰ লেখক ময়ূৰ বৰবৰাই  অসম চুক্তিক অসমৰ স্বাভিমান বুলি উল্লেখ  কৰাৰ লগতে মুচলমান আৰু শিখ সকলৰ অৱদানৰ বিষয়ে গ্ৰন্থখনত  সন্নিৱিষ্ট কৰা বুলিও কয়। লগতে ১৯৭১ চনৰ আগত অহা সকলো জাতি-জনগোষ্ঠীৰ লোকসকলে আগ-ভাগ লৈ অসমৰ স্বাভিমান ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰিছে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে যুৱ কবি হিচাপে সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত কবি মৃদুল হালৈয়ে। আনহাতে অনুষ্ঠানটোত সাংবাদিক মৃণাল তালুকদাৰ, দয়ানন্দ পাঠক, মনোৰম মহন্তকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।