বিশিষ্ট শিক্ষক, অসম আন্দোলনৰ অগ্ৰণী নেতা বিকুল শইকীয়াৰ মৃত্যুত শোকস্তব্ধ আমগুৰি

IMG-20180530-WA0022

আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অসম আন্দোলনৰ অক্লান্ত কৰ্মী, বিশিষ্ট সমাজ সেৱক বিকুল শইকীয়া (৮৩)ৰ বুধবাৰে আকস্মিকভাৱে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্ৰ, বোৱাৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

উল্লেখ্য যে আমগুৰি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি, অৱসৰপ্ৰাপ্ত শিক্ষক সদ্য প্ৰয়াত ডিম্বেশ্বৰ শইকীয়াৰ স্মৃতি চাৰণ সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন পৌৰপতি জনৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষ্যত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰিয়েই হঠ্যৎ অসুস্থ হৈ পৰে। শিক্ষাবিদগৰাকীক লগে লগে আমগুৰিৰ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

শিক্ষাবিদ গৰাকীৰ আকস্মিক বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ আমগুৰিবাসী শোকস্তব্ধ হৈ পৰে। আমগুৰি নগৰৰ সমীপৰ হিলৈদাৰী গাঁৱৰ নিৱাসী শইকীয়াই আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন পাতনি মেলি ১৯৯৮ চনৰ ৩১ জানুৱাৰীত এই বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।

অংক বিষয়ৰ এগৰাকী দক্ষ শিক্ষক হিচাপে সু-নাম থকা বিকুল শইকীয়া এজন দক্ষ প্ৰশাসকো। অঞ্চলটোৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া আদি সকলো দিশতে জড়িত থকা শইকীয়া এগৰাকী দক্ষ অভিনেতা হিচাপেও প্ৰবীণ চামৰ মাজত বেচ জনপ্ৰিয় আছিল। আমগুৰিৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান য়ুনিয়ন ক্লাব, নৱৰূপ শিল্পী সমাজ আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বিশেষভাৱে অগ্ৰণী ভূমিকা পালন কৰিছিল।

জনপ্ৰিয় সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী গোট, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, আমগুৰি মহাবিদ্যালয়, আমগুৰি য়ুনিয়ন ক্লাব, আমগুৰি ক্ৰীড়া সন্থা, আমগুৰি জ্যেষ্ঠ নাগৰিক সংস্থা, আমগুৰি সাংবাদিক সন্থা, হিলৈদাৰী গাঁও নামঘৰ সমিতি, আমগুৰি ভাগৱত সমাজ, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আমগুৰি আঞ্চলিক সমিতি, অৰুণোদয় একাডেমি, নেশ্যনেল একাডেমি, অসম কলেজ শিক্ষক সন্থা শিৱসাগৰ মণ্ডল, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যাল, অগপ আমগুৰি সমষ্টি সমিতি, আমগুৰি কংগ্ৰেছ, আমগুৰি বিজেপি, আমগুৰি ব্যৱসায় সন্থা, মাৰোৱাৰী সমাজ, সংগ্ৰামী যুৱ পৰিষদ, পুবেৰুণ শিল্পী সমাজ, লেখিকা সমাৰোহ সমিতি, আহোম জাতীয় গণমঞ্চ, বঙালী ছাত্ৰ ফেডাৰেচন, আমগুৰি নাগৰিক সমিতি সহ শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষাবিদ তথা সমাজকৰ্মীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।