NORTHEAST NOW (Assamese)

বিশিষ্ট সাহিত্যিক ৰত্ন ওজালৈ ডঃ ভূপেন হাজৰিকা বঁটা বেলতলা ব’হাগী উৎসৱ সমিতিৰ  

April 22, 2018 3:02 pm · এনই নাও নিউজ

বেলতলা ব’হাগী উৎসৱ সমিতিয়ে তিনিদিনীয়াকৈ আয়োজন কৰা  ব’হাগী উৎসৱৰ আজি অন্তিম দিন। বেলতলা বহা’গী উৎসৱৰ এই অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।

উল্লেখযোগ্য যে আজি সাংস্কৃতিক সন্ধিয়াৰ মাজতে অনুষ্ঠিত হ’ব এক বঁটা বিতৰণী অনুষ্ঠান। যশস্বী শিল্পী, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি তথা অসমৰ লোকসংস্কৃতিৰ সাধক ৰত্ন ওজাক ডঃ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰিব বেলতলা ব’হাগী উৎসৱ সমিতিয়ে।

অসমীয়া সাহিত্য জগতৰ লগতে লোক-সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ অৱদান যোগাই অহা ৰত্ন ওজাক ডঃ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে এইবেলি পাটমাদৈ বঁটা লাভ কৰিছে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই।

একেদৰে শ্ৰেষ্ঠ হুঁচৰি দলৰ সন্মান লাভ কৰিছে মৰাণৰ ৰংমন এনাজৰী দলে। দ্বিতীয় শ্ৰেষ্ঠ হুঁচৰি দলৰ সন্মান লাভ কৰিছে ডিগবৈৰ দিহিং বিহুৱা দলে। মুকুট চেতিয়াই শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰাৰ বিপৰীতে ভাস্কৰ বৰুৱাই লাভ কৰিছে শ্ৰেষ্ঠ পেঁপাবাদৰ সন্মান।

অনুষ্ঠানৰ লগত সংগতি ৰাখি জুবিন গাৰ্গ অভিনীত নৱতম কথাছবি ‘দ্য আণ্ডাৰৱৰ্ল্ড’ৰ প্ৰ’ম’ আৰু গীতৰ এলবাম আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।

বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি ৰাতুল বৰুৱা, কাৰ্যকৰী সভাপতি উদয় আদিত্য গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী, সাংস্কৃতিক বিভাগৰ সভাপতি জয়ন্ত গগৈ আৰু  সম্পাদক দিলীপ মহন্তই ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

Related News