বিশুদ্ধ খোৱাপানীৰ অভাৱত হাহাকাৰ অৱস্থা টংলাৰ বাসিন্দাসকলৰ

Tangla-town-committee-570x320

ওদালগুৰি জিলাৰ টংলা চহৰৰ বিভিন্ন অঞ্চলত খোৱা পানীত অত্যধিক মাত্ৰাত পোৱা বিষাক্ত ফ্ল’ৰাইড উদ্বেগৰ কাৰণ হৈ পৰিছে। বিশেষকৈ চহৰখনৰ ৩ নং ৱাৰ্ডত এই সমস্যা অধিক গভীৰ হৈ পৰিছে।

৩ নং ৱাৰ্ডৰ স্থানীয় বাসিন্দাসকলৰ মাজত গুৰুতৰ ৰূপত পক্ষাঘাত তথা শাৰীৰিক অক্ষমতা সম্পৰ্কীয় ঘটনা দেখা পোৱা গৈছে।

চমুৱাপাৰ, বৰজালাহ, মিলনপুৰ আৰু মেধিপাৰা চুবাৰ দৰে কাষৰীয়া অঞ্চলসমূহতো  অতিমাত্ৰাত ফ্ল’ৰাইড পোৱা গৈছে।

এক প্ৰতিবেদন অনুসৰি চহৰখনৰ ২০ৰ পৰা ৬০ ফুট তলৰ ভূমিজলৰ প্ৰতিলিটাৰ পানীত ১.৭ ৰ পৰা ২.৩ মিলিগ্ৰাম পৰিমানৰ ফ্ল’ৰাইড পোৱা গৈছে।

টংলাৰ জনসাধাৰণে বিগত ছয় বছৰ ধৰি ঘৰুৱা ব্যৱহাৰৰ বাবে দমকলৰ পানী ব্যৱহাৰ কৰি আহিছে।

বাসিন্দাসকলে নগৰ সমিতিক কৰ আদায় দি অহা সত্ত্বেও চৰকাৰে আগবঢ়োৱা বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আহিছে।

টংলা নগৰ সমিতিৰ পানী যোগান আঁচনিখন ২০১১ লৈকে এপিডিচিএলক আদায় দিবলগীয়া ২৮,৬০৮৮৭ টকাৰ বিদ্যুৎ বিলৰ পৰিশোধ নকৰাৰ বাবে ২০১২ চনৰ নৱেম্বৰৰ পৰা কাৰ্যহীন হৈ পৰি আছে।

টংলাৰ চিত্ৰনগৰ আৰু জালুকবাৰী অঞ্চলত থকা নগৰ সমিতিৰ পানী টেংকী দুটা জৰাজীৰ্ণ অৱস্থাত পৰি আছে।

সমিতিৰ অধীনত মুঠতে ৩৭৯ গৰাকী উপভোক্তা আছে আৰু এওঁলোকে মাহিলি ৪০ টকাকৈ পানীযোগান সেৱাৰ বাবে দিব লাগে। সমিতিৰ অধীনৰ উপভোক্তাৰ পৰা ৪৪১৭৮৮ টকা অনাদায় হৈ আছে।

টংলা নগৰ সমিতিৰ সভাপতি তথা বিটিচিৰ কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰীয়ে সমিতিৰ কামকাজ সমূহ একচ্ছত্ৰীভাৱে চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

টংলা নগৰ সমিতিৰ অধীনত চাৰিটা ৱাৰ্ডত বাস কৰা প্ৰায় ৫০,০০০ লোকে সমিতিখনৰ কাম কাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে সভাপতি, উপ সভাপতি আৰু চাৰিগৰাকী ৱাৰ্ড সদস্যৰ কোনো নিৰ্বাচন অনুষ্ঠিত হোৱা নাই আৰু স্থানীয় ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট ঘণিষ্ঠ লোককহে নিৰ্বাচিত কৰা হয়।

নাম প্ৰকাশত অনিচ্ছুক সমিতিৰ এগৰাকী কনিষ্ঠ অভিযন্তাই এই প্ৰতিবেদকক জনায় যে পানী টেংকীৰ লগতে পানীৰ পাইপসমূহ বিনষ্ট হৈ গৈছে। ইয়াত এটা নতুন পানী যোগান প্ৰকল্পৰ প্ৰয়োজন।‘’

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিজেই চহৰখনত বিশুদ্ধ খোৱাপানীৰ বাবে পানী যোগান আঁচনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়ালৈকে তেনে কোনো পদক্ষেপ দেখা পোৱা নগ’ল।