বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত নলবাৰীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় ঘেৰাও

arsenic_water

নলবাৰী জিলাৰ ৰাইজে খোৱা পানীৰ সমস্যাত দীৰ্ঘদিনৰ পৰা ভুগি অহা সত্ত্বেও চৰকাৰে আজি পৰ্য্যন্ত ৰাইজক খোৱাপানীকণকে যোগান ধৰিবলৈ সক্ষম নোহোৱাত নলবাৰী জিলা আছুৰ নেতৃত্বত নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় ঘেৰাও কৰা হয়।

জানিব পৰামতে নলবাৰীৰ বিভিন্ন স্থানৰ লগতে সাংসদ ৰমেন ডেকাৰ আদৰ্শ গাঁও বালিতাৰাতো পানীত আৰ্ছেনিক আৰু ফ্লৰাইডৰ মাত্ৰা বিপজ্জনক মাত্ৰা থকা বুলি বিভাগীয়ভাৱে ঘোষণা হৈছিল। ফ্লৰাইড আৰু আৰ্ছেনিকৰ দৰে মাৰাত্মক পদাৰ্থ থকা বুলি অৱগত হৈয়ো চৰকাৰ তথা জনস্বাস্থ্য বিভাগটোৱে ইয়াৰ ৰাইজৰ স্বাস্থ্য আৰু জীৱনৰ প্ৰতি দায়বদ্ধতা দেখুৱা পৰা নাই।

ৰাইজক আৰ্ছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী খাবলৈ এৰি দিয়া বিভাগটো তথা চৰকাৰৰ বিৰুদ্ধে আছু আজি সৰৱ হৈ পৰে। আনকি স্থানীয় বিধায়ক অশোক শৰ্মাকো কঠোৰ সমালোচনা কৰে আছু নেতৃত্বই। ইয়াৰ বাবে অতি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই চৰকাৰলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে।

বিশুদ্ধ খোৱাপানী যোগানৰ লগতে জিলাখনত অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰতিঘৰতে শৌচালয় নিৰ্মাণৰো দাবী জনায়। শৌচালয় নিৰ্মাণত সংঘটিত হোৱা কেলেংকাৰিৰ তদন্তৰ দাবীতো সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কয় যে দৰিদ্ৰৰ বাবে আবণ্টিত অনাময় শৌচালয়ৰ কোটি কোটি টকা বিভাগীয় বিষয়াৰ আশীৰ্বাদত একাংশ ঠিকাদাৰে কৌশলেৰে আত্মসাত কৰিছে। তেওঁলোকে অভিযোগ কৰা মতে, আজি পৰ্যন্ত বৃহত্তৰ মুকালমুৱাৰ চৰ অঞ্চলত এটাও শৌচালয় নিৰ্মাণ নহ’ল। আনহাতে, শৌচালয় কেলেংকাৰিৰ তদন্তৰ ফাইল জিলা উপায়ুক্তৰ কাৰ্যালয়তে ৰহস্যজনকভাৱে গাপ দি থোৱা বুলিও অভিযোগ তোলে আছুৱে। ইয়াৰ তদন্ত ৰাজহুৱা কৰাৰ দাবী জনায় অন্যথা অনাগত দিনত অধিক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে।

আনহাতে জিলাখনৰ বিভিন্ন ঠাইত বিকল পানী যোগান আঁচনিসমূহ কাৰ্যক্ষম কৰি তোলাৰো দাবী তোলে। সংগঠনটোৰ মতে এনে পানী যোগান আঁচনিৰ বেছিভাগেই অতি নিম্নমানৰ।