NORTHEAST NOW (Assamese)

বিশ্বনাথত আটক দুৰ্ধৰ্ষ গঁড় চিকাৰী কাটিখোৱাৰ ভাতৃ আজিজুৰক

August 4, 2018 6:46 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথৰ নৰ্দাৰ্ন ৰে’ঞ্জৰ পুনৰ সাফল্য৷ আটক দুধৰ্ষ চোৰাং চিকাৰী মঃ আজিজুৰ ৰহমান।

ধৃত আজিজুৰ কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হোৱা হাবিবুৰ ৰহমান ওৰফে কাঁটিখোৱাৰ জেষ্ঠ ভাতৃ। কাজিৰঙাৰ নৰ্দাৰ্ন ৰে’ঞ্জৰ অভিযানত বিশ্বনাথ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আটক এই দুধৰ্ষ চোৰাং চিকাৰীটো।

২০১৩ চনৰ লগতে ২০১৬ চনৰ ভেৰভেৰী নলাৰ গঁড় হত্যাৰ লগত জড়িত আছিল। কাজিৰঙাত পুনৰ গঁড় হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ধৃত চোৰাং চিকাৰীটোৱে।

ভাতৃ হবিবুৰৰ স্বীকাৰোক্তিৰ ভিত্তিতে আটক ধৃত আজিজুৰ৷ নৰ্দাৰ্ন ৰে’ঞ্জৰ দ্বাৰা চলি থকা মাৰাথান জেৰাত পুনৰ নতুন তথ্য উন্মোচিত হোৱাৰ আশা কৰা হৈছে গঁড় চিকাৰী চক্ৰৰ বিৰুদ্ধে৷

Related News