আজিৰে পৰা বিশ্বনাথত বিহু নাচনী আৰু ঢুলীয়া কৰ্মশালা আৰম্ভ

অসমীয়াৰ বাপতি সাহোন বহাগ বিহুলৈ মাজত আৰু মাথোঁ কেইটামানদিন। চেনেহৰ বিহুটি কাষ চাপি অহাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন স্থানত বিহু কৰ্মশালাৰ পূৰ্ণ প্ৰস্তুতি চলি থকাৰ সময়তে উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ উদ্যোগত আজিৰে পৰা বিহু নাচনী আৰু ঢোল বাদন কৰ্মশালা আৰম্ভ হৈছে।

আজি এই কৰ্মশালা উদ্বোধন কৰে বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট সমাজ কৰ্মী চিত্ত শইকীয়াই

মঞ্চৰ যুটীয়া সম্পাদক কন্দৰ্প হাজৰিকা আৰু ভাস্কৰ জ্যোতি বৰাই আঁত ধৰা উদ্বোধনী সভাত আৰোহণ বঁটা প্ৰাপক বিশিষ্ট সাংবাদিক নৰেন বৰাক সম্বৰ্ধনা জনোৱা হয়

সভাত মঞ্চৰ সভাপতি অকণ শইকীয়া, কাৰ্যকৰী সভাপতি নিৰঞ্জন হাজৰিকা,উপ সভাপতি দিব্যজ্যোতি বৰুৱা, প্ৰধান সম্পাদক বসন্ত বৰা, কৰ্মশালাৰ সম্পদক জয়ন্ত বৰা ,গোলাপ হাজৰিকা আদিয়ে বক্তব্য আগবঢ়ায়।

ঢোলৰ ওজা ধনেশ্বৰ শইকীয়া আৰু সংগীতা কাকতি গোস্বামীয়ে কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে।

অহা ১২ এপ্ৰিল লৈ চলিব লগীয়া উক্ত কৰ্মশালাত দ্বিশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।