বিশ্বনাথত শোকাৱহ পথ দুৰ্ঘটনা : ফ’টো উঠিবলৈ গৈ মৃত্যুক সাৱটিলে নিৰীহ যুৱকে

Road Accident

আজি বিয়লি প্ৰায় ২:৪৫ মান বজাত বিশ্বনাথ চাৰিআলি নগৰৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থিত বৰপুখুৰী চাহ বাগিচাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ফ’টো উঠিবলৈ গৈ মৃত্যুক সাৱটিলে এজন নিৰীহ যুৱকে।

প্ৰাপ্ত তথ্য অনুসৰি বিশ্বনাথ চাৰিআলি থানাৰ অন্তৰ্গত বৰকুৰা গাঁৱৰ নিৱাসী তথা শিক্ষক উপেন বৰঠাকুৰৰ কনিষ্ঠ পুত্ৰ নৱজিৎ বৰঠাকুৰে (২১) তেওঁৰ বন্ধু প্ৰনৱ দে (১৮), পল্লৱ বৰা(২১) আৰু দিপাংকৰ ভূঞা (২১)ৰ লগত দুখন বাইকৰে বৰপুখুৰী চাহ বাগিচা অভিমুখে উলাই গৈছিল।

ইয়াৰ মাজতে সাকোমঠা আৰু বৰপুখুৰী বাগিচাৰ কেকুৰীটোত তিনিও বন্ধু ক্ষন্তেক সময় ৰৈ লগত লৈ যোৱা কেমেৰাৰে কেইবাখনো ফ’টো তুলি উঠি কেমেৰাটো বেগত ভৰাই থকা অৱস্থাতে এখন তীব্ৰ বেগত অহা টাটা এ চি গাড়ীয়ে চাৰিওজন  যুৱককে মহতিয়াই নিয়ে।

গাড়ীখনৰ খুন্দাত চাৰিওজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ঘটনাস্থলীত নৱজিতৰ অৱস্থা সংকটজনক হৈ পৰে।

প্ৰথমে স্থানীয় বৰা নৰ্চিং হোমত আহত নৱজিতক ভৰ্তি কৰোৱা হয় যদিও আঘাত গুৰুতৰ হোৱা বাবে চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটিলৈ প্ৰেৰণ কৰে যদিও গুৱাহাটি অভিমুখে গৈ থকাৰ পথত তেজপুৰৰ সমীপত তেওঁৰ মৃত্যু ঘটে।

উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা টাটা এ চি গাড়িখনৰ চালকজন আঘাতপ্ৰাপ্ত হৈছিল যদিও চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওৰ সংবাদাতাক জানিবলৈ দিয়ে

সম্প্ৰতি ঘটনা সন্দৰ্ভত তথা চালকগৰাকীক বিচাৰি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি অৱগত কৰে। উক্ত দুৰ্ভাগ্যজনক ঘটনাটোৱে সমগ্ৰ বিশ্বনাথতে শোকৰ ছাঁ‌ পেলাইছে।