NORTHEAST NOW (Assamese)

বিশ্বনাথত সৰ্বভাৰতীয় কাৰাতে প্ৰতিযোগিতাত কৃতিত্ব অর্জন কৰা খেলুৱৈক অভিনন্দন

July 8, 2018 9:45 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথ কাৰাতে একাডেমিৰ উদ্যোগত আজি চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়।

একাডেমিৰ পৰিচালক মুন শৰ্মাই আঁত ধৰা অনুষ্ঠানত মহাৰাষ্ট্ৰৰ খন্দালাত অনুষ্ঠিত ‘ৱৰ্ল্ড ট্ৰেডিশ্যনেল চতকান  কাৰাতে ফেডাৰেচন’ৰ উদ্যোগত অনুষ্ঠিত ১৮তম সৰ্বভাৰতীয় কাৰাতে প্ৰতিযোগিতাত বিভিন্ন শিতানত পদক লাভ কৰা খেলুৱৈ সকলক অভিনন্দন জনোৱা হয়।

উক্ত প্ৰতিযোগিতাত পকদ লাভ কৰা বিশ্বনাথৰ খেলুৱৈসকল হৈছে কালপজ্যোতি শইকীয়া, ঋতু প্ৰীতম বৰা, কৃষ্ণাখী ভট্টাচাৰ্য, অংগদ কাশ্যপ, বিনিত কাশ্যপ, চিয়া কপিল, প্ৰিয়াঞ্চী প্রিয়ম বৰা, প্ৰীতম দাস, হিৰক জ্যোতি বৰকাকটি, ময়ূৰ কৃষ্ণ গোস্বামী, দেবাংগ জ্যোতি বৰা আৰু আদিত্য চুতীয়া।

অনুষ্ঠানত ক্ৰীড়া সংগঠক পুলিন বৰা, সমীৰ বৰদলৈ, গুৱাহাটীৰ মুজাহৰ ইছলাম, ৰমেশ শৰ্মা, ৰাজীৱ মেচ, দীপাংকৰ শইকীয়া, আৰক্ষী বিষয়া ৰাতুল কুমাৰ নাথকে ধৰি বহুকেইজন ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Related News