NORTHEAST NOW (Assamese)

বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাত উদ্ধাৰ যুৱকৰ মৃতদেহ

April 19, 2018 4:17 pm · কাজী জেইদুল ইছলাম

বিশ্বনাথৰ বাঘমাৰী চাহ বাগিচাৰ এটা নলাত  জাৱৰৰে ঢাকি অৱস্থাত উদ্ধাৰ হৈছে আনোৱাৰ ইছলাম নামৰ এজন যুৱকৰ মৃতদেহ। বাগানৰ পাত তুলিবলৈ যোৱা শ্ৰমিকে আজি ১৯ এপ্ৰিলৰ পুৱা দেখা পায় যুৱকজনৰ মৃতদেহ।

আনোৱাৰক নিশা কোনো লোকে চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰি সেই ঠাইত পেলাই যোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। মৃত আনোৱাৰৰ দেহৰ আন স্থানতো আঘাতৰ চিন আছিল।

কোনে কি কাৰণত ১৫/১৬ বছৰীয়া আনোৱাৰক এইদৰে হত্যা কৰি পেলাই থৈ গ’ল সেই কথা এতিয়াও পোহৰলৈ অহা নাই যদিও মৃত আনোৱাৰৰ পিতৃৰ মতে আনোৱাৰ বহুদিনৰ পৰা চুৰি-তাৰিত জড়িত আছিল। আনোৱাৰৰ চোৰৰ দলৰ আন এজনৰো মৃতদেহ কিছুদিন আগতে উদ্ধাৰ কৰা হৈছিল।

জানিব পৰা মতে যোৱা নিশা বাৰ বজালৈকে মৃত আনোৱাৰ তেওঁৰ এজন বন্ধুৰ দোকানত আছিল। মৃত আনোৱাৰৰ পিতৃয়ে সন্দেহ প্ৰকাশ কৰিছে যে  চোৰৰ দলটোৰ  অন্তঃকন্দলৰ বাবে আনোৱাৰক  এইদৰে হত্যা কৰা হ’ব পাৰে।

ঘটনাটোৱে বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News