বিশ্বনাথ ঘাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণ; শংকিত বিশ্বনাথ ঘাটৰ স্থানীয় ৰাইজ

DSC00037-01

বন বিভাগৰ অকৰ্মণ্যতা-অচেতনাৰ বাবে বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলত তাণ্ডৱ অব্যাহত ৰখাৰ সমান্তৰালকৈ এইবাৰ বিশ্বনাথ ঘাটত বনৰীয়া হাতীৰ মুকলি বিচৰণে নিদ্ৰাহৰণ কৰিছে অঞ্চলবাসী ৰাইজৰ।

বনৰীয়া হাতীৰ আশ্ৰয়স্থলী সমূহ এতিয়া বানপানীত ডুবি থকাৰ ফলত যোৱা কিছুদিন ধৰি খাদ্যৰ সন্ধানত বিশ্বনাথ ঘাটৰ উমাটুমনি দ্বীপৰ নিছেই কাষত অৰ্থাৎ কাজিৰঙাৰ ষষ্ঠ সংযোজনত থিতাপি লৈছে প্ৰায় ৬০-৭০ জনীয়া বন্যহস্তীৰ দলে|

কিন্তু ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ জলৰাশী বৃদ্ধি পোৱাত দিশহাৰা হৈ যোৱা ১৩ জনীয়া বৃহৎ বন্যবস্তীৰ দলটোৱে নিশা পোৱালি সহ নদীয়েদি বিশ্বনাথ ঘাটৰ নতুন গাঁৱত প্ৰৱেশ কৰে। অৱশ্যে জানিব পৰা মতে গাঁৱৰ কিছু পৰিয়ালৰ গোহালিৰ সামান্য অনিষ্ট কৰে যদিও পাছত সেই ঠাইৰ পৰা হাতী জাকটোৱে বিশ্বনাথ ঘাটৰ নদী আৰক্ষী থানাৰ তলত অৱস্থিত এটি টাপুত আশ্ৰয় লয়।

উল্লেখ্য যে হাতীৰ দলটিয়ে জনবসতি অঞ্চলত প্ৰৱেশ কৰাৰ চেষ্টা চলাই যদিও বন বিভাগৰ তৎপৰতাত দুই জাই গুলী ফুটাই বেলেগ দিশলৈ খেদি পঠিয়াই। বৰ্তমান পৰ্য্যন্ত হাতী সমুহ নদীৰ পাৰত আশ্ৰয় লৈ আছে যদিও বিপদমুক্ত হ’ব পৰা নাই বিশ্বনাথ ঘাটবাসী যাৰ বাবে এতিয়া বন বিভাগৰ লোকে তহল দি তীক্ষ্ণ দৃষ্টি ৰাখিছে বনৰীয়া হাতীৰ গতিবিধিৰ ওপৰত।