NORTHEAST NOW (Assamese)

বিশ্বনাথ চাৰিআলিত অৰ্ধেন্দু দে আৰু ৰাজেন গোঁহাইৰ প্ৰতিকৃতি জ্বলালে যুৱ-ছাত্ৰ পৰিষদে

May 9, 2018 8:06 pm · কাজি জেইদুল ইছলাম
অসম আৰু আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণে যুঁজ দি থকাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডা০ অৰ্ধেন্দু দে আৰু বৰ্তমানৰ কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইয়ে কৰা উদ্ভট মন্তব্যৰ প্ৰতিবাদত আজি বিশ্বনাথ চাৰিআলিত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সমৰ্থন কৰা আৰু বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰা প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে আৰু বৰ্তমানৰ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ৰাজেন গোঁহাই মুৰ্দাবাদ অৰ্ধেন্দু দে মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ জিলা সভাপতি  কমলজিৎ দত্ত, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিশ্বজিৎ দাস, জিলা উপদেষ্টা প্ৰতাপ শৰ্মা, নাচিৰ আহমেদ ,উপ সভাপতি দেবব্ৰত মেধী, সাংগঠনিক সম্পাদক পিয়াঙ্কু ডেকা, বিত্ত সম্পাদক দিগন্ত বৰুৱা, বিশ্বনাথ আঞ্চলিকৰ সভাপতি ঈশান প্ৰতিম শইকীয়া, উপদেষ্টা নিহাৰ শ‌ই‌কীয়াৰ লগতে বিশ্বনাথ জিলা আৰু আঞ্চলিকৰ সদস্যসকল উপস্থিত আছিল।

Related News