বিশ্বৰ ভিতৰত মাত্ৰ ৫০জন মানুহে শুদ্ধকৈ ক’ব পাৰে তাই খাময়াং ভাষা

TaiKhamyang

তাই খাময়াং সংস্কৃতিৰ প্ৰদৰ্শন।

বিশ্বত প্ৰায় সাত হাজাৰ ভাষা আছে৷ ইয়াৰ অৰ্ধেকৰো অধিক ভাষাৰ অস্তিত্বৰ বাবে চৰম ভাবুকি আহিছে৷ য়ুনেস্ক’ৰ তথ্য অনুযায়ী এই অস্তিত্বৰ সংকট অহা ভাষাসমূহ একৈচ শতিকাৰ সমাপ্তিৰ পাছত পৃথিৱীৰ পৰা হেৰাই যাব৷ ভাৰতবৰ্ষৰ অসমৰ তাই খাময়াং ভাষাটোও অস্তিত্ব বিপদাপন্ন ভাষাৰ অন্যতম৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমকিল্লাস্থিত এই জনগোষ্ঠীৰ একাংশ লোকে তেওঁলোকৰ  মাতৃভাষা জীয়াই ৰখাৰ সংকল্প লৈছে৷ মাতৃভাষা জীয়াই ৰখাৰ সংকল্প লৈছে তাই খাময়াং সকলে৷

ছুদিন পূৰ্বে মাৰ্ঘেৰিটাৰ পাৱৈমুখ খাময়াং গাওঁস্থিত বৌদ্ধ বিহাৰৰ প্ৰাংগণত ফুংলাই খামায়ং আৰু তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত অনুষ্ঠিত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে অনুষ্ঠিত এখন সভাত এই সংকল্প লয় তাই খাময়াংসকলে৷

তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ৰাণা চাংমায়ে জানিবলৈ দিয়া অনুসৰি এই জনগোষ্ঠীটোৰ মাত্ৰ ১২ হাজাৰ মান জনসংখ্যাৰ ভিতৰত মাত্ৰ তিনিশজনে ভাষাটো ক’ব পাৰে আৰু তাৰে শুদ্ধকৈ ক’ব পৰা লোকৰ সংখ্যা মাত্ৰ ৫০জন। লিখিব পাৰে মাৰ্ঘেৰিটাৰ পাৱৈমুখৰ কেইজনমান বৃদ্ধই৷ ভাষা জীয়াই ৰখাৰ স্বাৰ্থত জনগোষ্ঠীটোক নিজৰ ভাষাত কথা পাতিবলৈ আৰু নতুন প্ৰজন্মক জাতীয় চেতনাৰে উদ্বুদ্ধ কৰিবলৈ আৰু ঘৰত মাতৃভাষাত কথা-বাৰ্তা পতাৰ অভ্যাস কৰাবলৈ আহ্বান জনায়৷ তেওঁ কয় তাই খাময়াং ভাষাৰ অস্তিত্ব লৈ ভাবুকি আহিছে, কিন্তু সকলোৱে চেষ্টা কৰিলে এই সংকট দূৰ কৰি ভাষাটো জীয়াই ৰাখিব পৰা যাব৷

মাৰ্ঘেৰিটা ভিতৰ পাৱৈমুখ গাঁ‌ৱৰ স্থানীয় জ্যেষ্ঠ নাগৰিক দেৱেন চাউলিকে জানিবলৈ দিয়া মতে বৰ্তমান যোৰহাটৰ বালিজান, বেতবাৰী আৰু ন-শ্যাম গাঁৱৰ উপৰি গোলাঘাট জিলাৰ ১ নম্বৰ ৰজাপুখুৰী (সৰুপথাৰ), অবিভক্ত শিৱসাগৰ জিলাৰ দিচাংপানী (সোণাৰি), চলাপথাৰ (লাকুৱা)আৰু ৰহন পথাৰ (সাপেখাতী) আৰু তিনিচুকীয়া জিলাৰ পাৱৈমুখত (মাৰ্ঘেৰিটা) খাময়াংসকলে গাঁও পাতি আছে৷ তদুপৰি অৰুণাচল প্ৰদেশৰ লোহিত আৰু চাংলাং জিলাতো কেইখনমান খাময়াং গাঁও আছে৷ এওঁলোকৰ মুঠ জনসংখ্যা প্ৰায় ১২,০০০জন৷ এওঁলোকৰ মাজত থাওমুং (গোহাঁই), তুংখাং, বাইলুং, চাওলু, চৌলিক, খেনলুং, পাংয়ুক আদিকে ধৰি প্ৰায় ২০টা ফৈদ বা বংশ আছে৷

এই ভাষাৰ সমৃদ্ধি আৰু বিজ্ঞানসন্মত বিকাশৰ অতি প্ৰয়োজন হৈ পৰিছে৷ উল্লেখযোগ্য যে, খাময়াংসকলক খামজাং নামেৰেও জনা যায়৷ প্ৰকৃততে এওঁলোককহে শ্যাম সম্প্ৰদায় বুলি কোৱা হয়৷ আনহাতে অসম বুৰঞ্জীত এওঁলোক ‘নৰা’ নামেৰে জনাজাত৷ অৱশ্যে নৰা শব্দটো এটা অপভ্ৰংশহে৷ দৰাচলতে পাতকাই পাহাৰৰ নামনিৰ যিটো অঞ্চলত খাময়াংসকলে অসমভূমিত পদাৰ্পণ কৰাৰ আগতে বাস কৰিছিল, সেই অঞ্চলৰ এটা অংশ বছৰৰ বাৰ মাহেই পানীত ডুব গৈ আছিল৷ সেইবাবে সেই অঞ্চলটোক স্থানীয় মানুহে নালা (না-পথাৰ, লা-জলাতক)বুলি কৈছিল৷

কালক্ৰমত না-লা শব্দৰ অপভ্ৰ্ংশ হৈ ‘নাৰা’বা ‘নৰা’হয়৷ আনহাতে অসমীয়া মানুহে গোটেই অঞ্চলটোকেই নৰা ৰাজ্য নাম দি ইয়াত বাস কৰা লোকসকলক ‘নৰা মানুহ’ বুলিবলৈ ধৰিলে৷ আহোমৰ লগত খাময়াংসকলৰ অতি ওচৰ সম্পৰ্ক৷ আহোমসকলৰ লগত তেওঁলোকেও ১২১৫ চনত চাওলুং চুকাফাৰ নেতৃত্বত পিতৃভূমি মাও লুঙৰ(চীনৰ য়ুনান প্ৰদেশ) পৰা প্ৰাচীন কামৰূপ অভিমুখে ৰাওনা হৈছিল৷ কিন্তু তেওঁলোক বাটতে ৰৈ গ’ল৷ চুকাফাই তেওঁৰ যাত্ৰাপথত বিভিন্ন ঠাই অতিক্ৰম কৰি অৱশেষত খামজাং নামৰ এডোখৰ ঠাইত উপনীত হৈছিল৷ এই ঠাইডোখৰৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিবৰ বাবে তেওঁ নিজ দলৰ কিছুমান মানুহক তাতে সংস্থাপিত কৰি তেওঁলোকৰ ওপৰত কাংখ্ৰুমুং নামৰ এজনক খামজঙীয়া গোহাঁই (তাই ভাষাত থাওমুং খামজাং)নিযুক্তি দিয়ে৷ কালক্ৰমত সেই ঠাইডোখৰ নামেৰে এই লোকসকল জনাজাত হ’ল৷

বুৰঞ্জীত উল্লেখ থকা তথ্য অনুসৰি খাময়াংসকলে ১২৩৬ চনতে প্ৰথম সৌমাৰ পীঠত প্ৰৱেশ কৰিছিল৷ চুকাফাই পিতৃৰাজ্য মাওলুং ত্যাগ কৰাৰ পাছত সেই দেশৰ ৰজা আৰু চুকাফাৰ ককায়েক চুকানফাই ভায়েকৰ খা-খবৰ ল’বলৈ খাময়াংসকলৰ এটা দলক অসমলৈ পঠায়৷ এই দলটোৱে স্বৰ্গদেউ চুকাফাক সাক্ষাৎ কৰি তেওঁলোকৰ আগমনৰ কাৰণ ব্যাখ্যা কৰে৷

চুকাফাই দুয়োখন ৰাজ্যৰ মাজত সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত সীমান্ত অঞ্চলত থাকিবৰ বাবে খাময়াংসকলক অনুৰোধ কৰে৷ এই মৰ্মে খাময়াংসকলে পাতকাই পাহাৰৰ নামনিত বসবাস কৰিবলৈ লয়৷ অসমলৈ প্ৰকৃত ৰূপত প্ৰব্ৰজন কৰাৰ আগলৈকে খাময়াংসকলে আহোম ৰাজ্যৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ কেইবাগৰাকীও খাময়াং কুঁৱৰী আহোম ৰজালৈ বিয়া হোৱাৰ লগতে ১৭৫৮ চনলৈকে (ৰাজেশ্বৰ সিংহৰ দিন) আহোম ৰাজসভালৈ খাময়াং কটকী আহি আছিল৷ প্ৰায় পাঁচশ বছৰ পাতকাই পাহাৰৰ নামনিত বাস কৰাৰ পাছত খাময়াংসকল অসমলৈ আহিব লগীয়া হয়৷

মান ৰজাৰ অত্যাচাৰৰ হাত সাৰিবলৈ অন্যান্য তাই গোষ্ঠীবোৰৰ লগতে খাময়াংসকলেও স্বদেশ এৰি অসমভূমিত প্ৰৱেশ কৰে (সম্ভৱত ১৭৫৮ খ্ৰীষ্টাব্দৰ পাছত)৷ প্ৰথমে তেওঁলোকে শদিয়াৰ খামতিসকলৰ লগতে বাস কৰিছিল। কিন্তু কিছু বছৰ পাছত তেওঁলোকে আহোমৰ ৰাজধানী যোৰহাট পায়হি৷ উল্লেখযোগ্য যে সেই সময়ত মোৱামৰীয়া বিদ্ৰোহৰ বাবে আহোম ৰাজ্যৰ ৰাজধানী ৰ্ংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত হৈছিল৷

সেই সময়ত ৰজা আছিল স্বৰ্গদেউ গৌৰীনাথ সিংহ (১৭৮০-১৭৯৫ খ্ৰীষ্টাব্দ)৷ স্বৰ্গদেউক সাক্ষাৎ কৰি খাময়াংসকলে তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা বৰ্ণনা কৰে৷ নিজগোত্ৰীয় লোকসকলৰ দুৰৱস্থা দেখি স্বৰ্গদেৱে তেওঁলোকক যোৰহাট জিলাৰ তিতাবৰ অঞ্চলত ধলী নৈৰ কাষত খাট-পাম দি সংস্থাপিত কৰে৷ তদুপৰি তেওঁলোকৰে মাজৰ কাংখাম থাওমুং নামৰ এজনক ৰাজখোৱা (৩০০০ পাইকৰ অধিনায়ক )পদবী দিয়া হয়৷ এইজনা ৰাজখোৱাই মানৰ আক্ৰমণৰ সময়ত অসমৰ স্থানীয় লোকৰ ৰক্ষাকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছিল৷ মানৰ বেশ ধৰি চিংফৌসকলে বন্দী কৰি নিয়া বহুতো অসমীয়া প্ৰজাক এওঁ মুক্তি দিয়াইছিল৷

তদুপৰি থাওমুং ডাঙৰীয়াৰ এলেকাত মানৰ আক্ৰমণ নোহোৱা হেতুকে (যিহেতু মানবিলাক খাময়াংসকলৰ দৰেই বৌদ্ধধৰ্মী আছিল)৷ ওচৰ–পাঁজৰৰ বহু অসমীয়া প্ৰজা তেওঁৰ শৰণাপন্ন হৈছিলহি৷ এইদৰে খাময়াংসকল অসমৰ অন্যান্য জাতিৰ সংস্পৰ্শলৈ আহিল৷

আহোম ৰজাই খাময়াংসকলক দিয়া ধলী খাটখন চাহ খেতিৰ বাবে অতি উপযুক্ত আছিল৷ ইংৰাজে অসম অধিকাৰ কৰাৰ পাছত আসাম টি কোম্পানিৰ (Assam Tea Company) মুৰব্বী ৰৰ্বাট ব্ৰুছৰ চকু খাময়াংসকলৰ মাটিৰ ওপৰত পৰাত নানা কৌশলেৰে ইয়াক কোম্পানীৰ অধীনলৈ আনে৷ সংখ্যাত তাকৰীয়া হোৱা বাবে খাময়াংসকলে অনিচ্ছা সত্ত্বেও নিজৰ মাটি এৰি দিবলগীয়া হয়৷

হাতত ফুলৰ থোপা লৈ এগৰাকী তাই খাময়াং যুৱতী।

ইয়াৰ পাছত তেওঁলোকে দক্ষিণলৈ যাত্ৰা কৰি নাগা পাহাৰৰ ওচৰত আৰু বৰ্তমানৰ বান্দৰচলিয়া চাহ বাগিচাৰ ওচৰত বাস কৰিবলৈ লয়৷ ইতিমধ্যে তেওঁলোকৰ আৰু দুটা দল পাতকাইৰ ইপাৰৰ পৰা আহি তেওঁলোকৰ লগ লাগে আৰু আটাইকেইটা দলৰ লোক একেলগ হৈ গাঁও পাতি থাকিবলৈ লয়৷ তেওঁলোকে এই গাঁৱৰ নাম দিছিল বৰগাওঁ৷ কিন্তু ইয়াত  খাময়াংসকলে বেছিদিন থাকিব নোৱাৰিলে৷ হাইজা (মহামাৰীত কলেৰা) আক্ৰান্ত হৈ বৰগাঁৱৰ অৰ্ধেক লোকৰ মৃত্যু হয়৷ এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই ঠাই পৰিত্যাগ কৰে৷ সেইবাবে সেইখন গাঁৱক এতিয়া ‘এৰা–বৰগাওঁ’ বুলি কোৱা হয়৷

উল্লেখযোগ্য যে মহামাৰীৰ কৱলত পৰাত খাময়াংসকলৰ বহু বিজ্ঞ লোকৰ মৃত্যু ঘটে৷ ইয়াৰ ফলত তেওঁলোকৰ ভাষাটোৰ যথেষ্ট ক্ষতি সাধন হয়৷ বৰগাঁৱৰ পূব দিশত খাময়াংসকলে ‘পানী নৰা’নামেৰে এখন নতুন গাঁও প্ৰতিষ্ঠা কৰে, কিন্তু ইয়াতো তেওঁলোক বেছিদিন থাকিব নোৱাৰিলে৷ ইতিমধ্যে হৈ যোৱা ঘটনাৱলীয়ে তেওঁলোকক জুৰুলা কৰি তুলিছিল৷ সেয়ে মানসিক শান্তি আৰু আৰ্থিক সুৰক্ষাৰ খাতিৰত খাময়াংসকলে পিছৰ পৰ্যায়ত নাতিদূৰত বালিজান, বেতবাৰী আৰু ন-শ্যাম নামৰ তিনিখন গাওঁ প্ৰতিষ্ঠা কৰিলে৷ এই তিনিখন গাওঁ বৰ্তমানলৈকে আছে৷ তিতাবৰ মহকুমাৰ খৰিকটীয়া অঞ্চলত এই গাওঁকেইখন অৱস্থিত৷ কালিয়নী বিহাৰৰ দৰেই বালিজান গাঁৱৰ বৌদ্ধ বিহাৰৰ লগতো ইতিহাস জড়িত  হৈ আছে৷ এই বিহাৰৰ প্ৰধান বুদ্ধ মূৰ্তিটো মান সেনাপতি মিঙিমাহা তিলোৱাই প্ৰদান কৰা বুলি কোৱা হয়৷ মূৰ্তিটোৰ উপৰি তেওঁ এখন তালপাতৰ পুথি আৰু এখন চীৱৰ (বৌদ্ধ ভিক্ষুৱে পৰিধান কৰা গেৰুৱা বস্ত্ৰ)খাময়াংসকলক প্ৰদান কৰিছিল৷ এই সামগ্ৰী কেইবিধ এতিয়াও এই বিহাৰত সংৰক্ষণ কৰি থোৱা গৈছে৷

“অসম চৰকাৰ তথা ভাষা গৱেষক সকলে তাই খাময়াং ভাষাটো বিলুপ্ত হোৱাৰ পৰা ৰক্ষা কৰিবৰ হ’লে বিজ্ঞান সন্মত পৰিকল্পনা হাতত ল’ব লাগিব। অসমৰ বিশ্ববিদ্যালয় সমূহৰ ভাষাবিজ্ঞান অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলেও অসমৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ ভাষা সম্পৰ্কে গৱেষণাত মনোনিবেশ দিব লাগিব।” এইদৰে কয় চিংফৌ, তাংচা, তাই ফাকে আদি ৮ জনগোষ্ঠীয় উন্নয়ন পৰিষদৰ চেয়াৰমেন মানজে লাই৷ এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায়ৰ বাবেও  প্ৰস্তুত বুলি মানজে লাই জনাইছে৷