আমেৰিকাৰ এনাহেইমত চলি থকা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে তেওঁৰ শাখাত সোণৰ পদক জিকি সমগ্ৰ ভাৰতকে গৌৰৱিত কৰিলে। কৰ্নম মালেশ্বৰীৰ পিছত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জিকা তেৱেঁ হ’ল একমাত্ৰ ভাৰতীয়। প্ৰায় দুই দশক পূৰ্বে কৰ্নম মালেশ্বৰীয়ে ক্ৰমে ১৯৯৪ আৰু ১৯৯৫বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকি একেদৰেই ভাৰতক গৌৰৱিত কৰিছিল। আজিৰ মীৰাবাইৰ এই সাফল্যত স্বাভাৱিকতে ভাৰতীয় ক্ৰীড়া জগতত আনন্দৰ জোৱাৰ উঠিছে। আনহাতে অলপতে গুৱাহাটীত বিশ্ব মহিলা যুৱ বক্সিঙত সোণৰ পদক জিকা অংকুশিতা বড়োৰ পিছত আন এগৰাকী উত্তৰ-পূবৰ খেলুৱৈৰ এই সাফল্যই উত্তৰ-পূব বাসীৰ মুখতো হাঁহি বিৰিঙিছে। মীৰাবায়ে স্নেটছত ৮৫ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১০৯ কেজি- মুঠ ১৯৪ কেজি দাঙি এই সাফল্যত উপনীত হয়। তেওঁ তেওঁৰ শক্তিশালী প্ৰতিদ্বন্দ্বী থাইলেণ্ডৰ Thunya Sukcharoen তকৈ এক কেজি অধিক দাঙি স্বৰ্ণ দখল কৰে। এই জয়েৰে ৰিঅ’ অলিম্পিকত বৃহৎ প্ৰতিযোগিতাৰ হিচাপত তেওঁৰ অভিষেক খেলত কৰা দুৰ্বল প্ৰদৰ্শনৰ শুধৰনি কৰিলে বুলি ক’ব পাৰি। অৱশ্যে যোৱা বছৰো তেওঁ দক্ষিণ এছিয়া ক্ৰীড়াতো স্বৰ্ণ জয় কৰিছিল। বহুতে এতিয়া ভাৰতীয়া ক্ৰীড়া ক্ষেত্ৰত ভাৰোত্তোলনৰ শাখাত তেওঁক কৰ্নম মালেশ্বৰীৰ উত্তৰসূৰী বুলি ক’ব বিচাৰে। এই কৃতিত্ব তেওঁৰ অৱশ্যেই প্ৰাপ্য।
বিশ্ব ক্ৰীড়াত স্বৰ্ণ জয় কৰিলে আন এগৰাকী উত্তৰ-পূবৰ যুৱতীয়ে
-
By NE NOW NEWS
Related Content
মুখ্যমন্ত্ৰীৰ এইবোৰ কি কাণ্ড? সস্তীয়া নাচ-বাগেৰে মানুহৰ মন মুহিব বিচাৰিছে!
By
এন ই নাও নিউজ ব্যুৰো:
May 1, 2024 9:25 pm
কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ নাই অতুল বৰাৰ সমষ্টিত, পথাৰত গেলিলে কেইবা কুইন্টল ৰঙালাও
By
এন ই নাও নিউজ ব্যুৰো:
May 1, 2024 8:45 pm
বিজেপিৰ হৈ পাঁচবাৰ ভোট দি নিলম্বিত হ’ল কৰিমগঞ্জৰ প্ৰিজাইডিং বিষয়া
By
এন ই নাও নিউজ ব্যুৰো:
May 1, 2024 6:55 pm
ভুৱা এনকাউণ্টাৰৰ তদন্তৰ সম্পৰ্কত অসম চৰকাৰৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ
By
এন ই নাও নিউজ ব্যুৰো:
May 1, 2024 1:58 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত 'এথন'ফেষ্ট' উদযাপন
By
এন ই নাও নিউজ ব্যুৰো:
April 30, 2024 9:40 pm
কিৰেণ ৰিজিজুৰ মন্তব্য সঁচা নে মিছা? কিয় স্পষ্টীকৰণ দিবলৈ সাহস নহ’ল অমিত শ্বাহৰ
By
এন ই নাও নিউজ ব্যুৰো:
April 30, 2024 9:07 pm