NORTHEAST NOW (Assamese)

বিশ্ব চেম্পিয়ন হিমাক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছেদৰ ঘোষণাৰে সন্মান মুখ্য মন্ত্ৰী সোণোৱালৰ

July 13, 2018 7:41 pm · এন ই নাও নিউজ
ফাইল ফটো

দেশৰে প্ৰথম দৌৰবিদৰূপে ৪০০ মিটাৰ দৌৰত বিশ্ব চেম্পিয়নৰ খিতাপেৰে ইতিহাস ৰচনা কৰাৰ পিছত দেশজুৰি বোৱা অভিনন্দনৰ বন্যাৰ মাজতে অসম কন্যা হিমা দাসক অসমৰ ক্ৰীড়াৰ ব্ৰেণ্ড এম্বেছেদৰৰূপে ঘোষণা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

হিমা দাসক ৰাজ্যিক মৰ্য্যাদাৰে সন্মান জনোৱাৰ লগতে নগদ ধনেৰেও তেওঁক পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে মুখ্য মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে শচীন তেন্দুলকাৰৰ দৰে প্ৰখ্যাত তাৰকাই ভূয়সী প্ৰশংসা কৰা হিমা দাসক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে হিমালৈ আগবঢ়াইছে ১ লাখ টকাৰ পুৰস্কাৰ।

হিমা দাসৰ স্বৰ্ণ জয়ক ‘বিৰল কৃতিত্ব’ আৰু ‘অসমবাসীৰ বাবে গৌৰৱৰ কাৰণ’ৰূপে অভিহিত কৰি মুখ্য মন্ত্ৰী সোণোৱালে ‘ভাৰতৰ এইগৰাকী নতুন দৌৰৰ ৰাণীয়ে জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া সমাগত এছিয়ান গে’মছটো স্বৰ্ণ পদক অৰ্জন কৰি ৰাজ্যবাসীক গৌৰৱান্বিত’ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Related News