বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ প্ৰাক্ মুহূৰ্তত গুৱাহাটীক সজাই তুলিবলৈ সকলো বিভাগকে কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশ

গুবাহাটী মহনগৰৰ সৌন্দৰ্য বৰ্দ্ধন

গুবাহাটী মহনগৰৰ সৌন্দৰ্য বৰ্দ্ধন

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে মহানগৰখনৰ ভিতৰৰ কামবোৰ হাতত ল’বলৈ সকলো বিভাগকে নিৰ্দেশ দিছে। অহা ৩-৪ ফেব্ৰুৱাৰীত মহানগৰখনত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগকাৰীৰ সন্মিলনৰ বাবেই এই নিৰ্দেশ দিয়া হৈছে।

সকলো বিভাগকে তেওঁলোকক অৰ্পণ কৰা কামসমূহ ২৫ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড০ এম অংগমুথুৱে এই কথা জানিবলৈ দিছে।

গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ (জিএমডিএ), গড়কপ্তানি (ৰাষ্ট্ৰীয় ঘাইপথ), ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ (এনএইচএআই), গড়কপ্তানি (গুৱাহাটী পথ সংমণ্ডল আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) হ’ব কাৰ্যবাহী সংস্থা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰৰ সৌন্দৰ্য বদ্ধৰ্ন আৰু পৰিস্কৰণ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰীৰ ৰ’টাৰী পইন্টলৈ পথৰ সৌন্দৰ্যবৰ্দ্ধন তথা মেৰামতিৰ কামৰ লগতে এলজিবিআই বিমানবন্দৰৰ পৰা খানাপাৰালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বাঁহৰ বেৰিকেড বনোৱাৰ দায়িত্ব এওঁলোকৰ হাতত অৰ্পন কৰা হৈছে।

এই সংস্থাসমূহ জাৱৰ-জোথৰকে ধৰি অন্যান্য পৰিত্যক্ত বস্তু অঁতৰোৱা আৰু বৰঝাৰ উৰণীয়া সেতু আৰু ৰ’টাৰী পইন্টত কলাত্মক শোভা বৰ্দ্ধন, সকলোবোৰ ষ্ট্ৰীট লাইট আলংকাৰিক এল ই ডি লাইটেৰে সজাই তোলাৰ লগতে বিমানবন্দৰৰ পৰা জালুকবাৰী হৈ খানাপাৰালৈকে সকলোবোৰ নজ্বলা ষ্ট্ৰীষ্ট লাইট সলনি কৰাৰ কামৰ বাবে দায়বদ্ধ থাকিব।

অনুষ্ঠানটোৰ বাবে মহানগৰ আৰক্ষী আৰু ডিটিঅ’ক এখন যান-বাহন নিয়ন্ত্ৰণৰ কাৰ্যসূচী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ দ্বাৰা ভ্ৰমণ সুচল কৰি তোলা হ’ব আৰু নিশ্চিত কৰা হ’ব যাতে যান-বাহনৰ পাৰ্কিং, ট্ৰাক আৰু কেবসমূহ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মূল পথেৰে যাতায়তৰ অনুমতি দিয়া নহ’য়।

বন বিভাগ, এছডিআৰএফ আৰু এপিডিচিএলক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু নদীৰ পাৰত গছপুলি ৰোপণ, গুৱাহাটীৰ সকলো প্ৰধান যোগাযোগৰ পথসমূহ মেৰামতিৰ দায়িত্ব ন্যস্ত কৰা হৈছে।

গুৱাহাটী পৌৰ নিগম (জিএমচি)ক ফুটপাথত থকা সকলবোৰ অকৰ্তৃত্বশীল হ’ৰ্ডিং, বেনাৰ আৰু প’ষ্টাৰ অঁতৰোৱাৰ লগতে আৰ জি বৰুৱা ৰোড, ডি এছ ৰোড,উলুবাৰী আৰু এটি ৰোডৰ ফুটপাথৰ দোকান-পোহাৰকে ধৰি সকলোবোৰ বেদখল উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ উৰণ আৰু অৱতৰণ অঞ্চল তথা পাৰ্কিং অঞ্চলকে ধৰি সমগ্ৰ বিমানবন্দৰ চৌহদৰ মেৰামতি তথা পৰিস্কৰণ দায়িত্ব থাকিব ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ।

উপায়ুক্তগৰাকীয়ে কয় যে গুৱাহাটীৰ ভিতৰৰ তথা বাহিৰৰ সকলোবোৰ উৰণীয়া সেতু সন্মিলনৰ প্ৰতি লক্ষ্য ৰাখি ৰং-কৰা, অংকন কৰা আৰু সজাই তোলাৰ কাম হাতত লোৱা হৈছে।