NORTHEAST NOW (Assamese)

বিশ্ব যুৱ মহিলা বক্সিং : অসম-জীয়ৰী অংকুশিতা বড়োৱে হৰুৱালে তুৰস্কৰ প্ৰতিদ্বন্দ্বীক

November 22, 2017 3:05 am · এন ই নিউজ ব্যুৰো, গুৱাহাটী:
Updated: November 22, 2017 5:54 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীত চলি থকা বিশ্ব মহিলাৰ যুৱ বক্সিঙত অসম-জীয়ৰী অংকুশিতা বড়োৱে ৬৪ কেজি শাখাত তুৰস্কৰ শক্তিশালী প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমৰ প্ৰতিভাশালী বক্সাৰগৰাকী এই জয়েৰ পাছত পদক জয়ৰ বাবে আৰু মাত্ৰ এটা ঢাপ আগ বাঢ়িবলৈ আছে। ছেমিত প্ৰৱেশ কৰিব পাৰিলেই তেওঁ পদক জয় কৰাটো নিশ্চিত। অংকুশিতাকে ধৰি পাঁচগৰাকীকৈ ভাৰতীয় খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনত অসমক প্ৰতিদ্বন্দ্বিতা কৰা একমাত্ৰ বক্সাৰ তেৱেঁ আছিল। অংকুশিতাৰ এই অগ্ৰগতিত স্বাভাৱিকতে অসমৰ ক্ৰীড়া জগতত আনন্দৰ জোৱাৰ উঠিছে। কিয়নো অংকুশিতাৰ মাজেৰে অসমবাসীয়েও মণিপুৰৰ মেৰী কমৰ দৰে এগৰাকী খেলুৱৈৰ উত্থানৰ সপোন দেখাত এই ঘটনাই সহায় কৰিছে। অপ্ৰাদেশিকৃত বিদ্যালয় এখনৰ শিক্ষক ৰাকেশ বড়োৰ কন্যা অংকুশিতাই দৰিদ্ৰতাৰ মাজেৰে নিজৰ খেলুৱৈ জীৱন কষ্টেৰে আগ বঢ়াই নিব লগীয়া হৈছে। কালিৰ জয়ৰ পিছত তেওঁ কয়, ‘তেওঁ (তুৰস্কৰ প্ৰতিদ্বন্দ্বী এলাক কেগলা (Aluc Cagla)) মোক তেওঁৰ দেশত পৰাজিত কৰিছিল, গতিকে মই নিজৰ দেশত সেইটোৰ পোটক তুলিলো।’ কোৱাৰ্টাৰ ফাইনেলত অংকুশিতাৰ প্ৰতিদ্বন্দ্বী হ’ব ইটালীৰ নিক’লি ৰেবেকা (Nicoli Rebecca)।

Related News