বিশ্ব ৰক্তদান দিৱস : হাউলীত সজাগতা সভা ‘আলোড়ণ’ৰ

‘ৰক্ত দান জীৱন দান’ সেই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ১৪ জুন বিশ্ব ৰক্তদান দিৱসত বৰপেটা জিলাৰ হাউলীত ‘আলোড়ন– এক নতুনত্বৰ সৃষ্টি’ নামৰ বৰপেটাৰ এক স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত এখন সজাগতা সভাৰ আয়োজন কৰা হয়।

জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰাঙ্গণত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে ‘আলোড়ন’ৰ সভাপতি জিন্টু দাসে। আমন্ত্রিত অতিথি হিচাপে উপস্হিত থাকে স্বাস্হ্য বিভাগৰ প্ৰাক্তন যুটীয়া সঞ্চালক হৰেন চৌধুৰী, জিলা দুৰ্যোগ ব্যৱস্হাপনা প্ৰাধিকৰণ নন্দিতা দত্ত, বিশিষ্ট সমাজকৰ্মী তথা চিকিৎসক পাৰ্থ কাকতি, কমল কৃঞ্চ দাস, আৰু কুলৰঞ্জন ডেকা।

প্ৰায় দুবছৰ পূৰ্বে জন্ম গ্ৰহণ কৰা আলোড়নে অনাগত দিনবোৰতো এনেধৰণৰ গঠনমূলক কাৰ্য্যসূচী হাতত লৈ মানৱ সেৱা আগবঢ়াই যাব বুলি সংবাদ মাধ্যমক জনাই সম্পাদক কঞ্জল দাসে।

যিটো সময়ত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ কবলত পৰি সাধাৰণ ৰাইজ বিপথে পৰিচালিত হৈছে, ৰক্তদান কৰিবলৈ বিভিন্নজনে ভয় কৰে, সেই সময়ত এনে পদক্ষেপ হাতত লৈ সজাগতা সভা আয়োজন কৰাৰ বাবে ‘আলোড়ন’ৰ সমূহ কৰ্মকৰ্তাক  প্ৰশংসা কৰে সভাত উপস্হিত লোকসকলে।