বিষয়াৰ গাফিলতিত ধুবুৰীৰ এনআৰচি সেৱাকেন্দ্ৰত ৰাইজৰ দুৰ্ভোগ

NRC

অসমীয়া খিলঞ্জীয়া জনগণৰ অস্তিত্ব ৰক্ষাৰ একমাত্ৰ দলিল হিচাপে বিবেচিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিৰ দ্বিতীয়খন খচৰা প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ে ৩০ জুনৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ সময়তে ৰাজ্যৰ কেতবোৰ স্থানত এই কামত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে।

বিশেষকৈ এনআৰচিৰ কামত নিয়োজিত হৈ থকা একাংশ বিষয়া- কৰ্মচাৰীৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ধুবুৰীৰ জনসাধাৰণে।

বুধবাৰে এনে দৃশ্য দেখা গ’ল ধুবুৰী চহৰৰ অসম সংঘত থকা এনআৰচি সেৱাকেন্দ্ৰত। উল্লেখযোগ্য যে উল্লিখিত এনআৰচি সেৱা কেন্দ্ৰটোত বুধবাৰে পুৱা নিৰ্ধাৰিত সময় অনুসৰি প্ৰায় ৯ বজাৰ পৰাই তথ্য পৰীক্ষণৰ বাবে অহা লোকসকলে দীঘলীয়া শাৰী পাতি ৰৈ আছিল। কিন্তু অভিযোগ অনুসৰি ১১ বজালৈ এনআৰচিৰ কামত জড়িত কোনো বিষয়া- কৰ্মচাৰী উপস্থিত হোৱা নাছিল কেন্দ্ৰটোত।

আনহাতে ভূতৰ ওপৰত দানহ পৰা দি কেন্দ্ৰটোত খোৱাপানী, প্ৰস্ৰাৱাগাৰ, বিদ্যুৎ আদিৰ দৰে প্ৰথমিক সুবিধাসমূহো উপলব্ধ নাছিল। ইয়াৰ ফলত উপস্থিত ৰাইজ ক্ষুব্ধ হোৱাত সেৱা কেন্দ্ৰটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে তাৎক্ষণিকভাৱে  জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। প্ৰায় ১২ বজাত জেনেৰেটৰ ভাৰালৈ আনি বিদ্যুৎ যোগান দিবলৈ সক্ষম হয়।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পৰ্যাপ্ত চোৱাচিতাৰ অভাৱত বিগত প্ৰায় বহু দিন ধৰি ধুবুৰী চহৰৰ অসম সংঘ ভৱনটো বিধ্বস্ত অৱস্থাত আছে। এই সকলো বিষয়ে অৱগত হৈও জিলা প্ৰশাসনে অসম সংঘ ভৱনটোত কিয় এনআৰচি সেৱা কেন্দ্ৰ দিয়া হ’ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।

আনহাতে এই বেমেজালি সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত উপায়ুক্তগৰাকীক প্ৰশ্ন উত্থাপন কৰাত তেওঁ এই ক্ষেত্ৰত কোনো সদুত্তৰ দিয়াত ব্যৰ্থ হয়।