বিয়াগোম বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ নলবাৰী বিদ্যুৎ বিভাগৰ অভিযন্তা

Handcuff-India-min-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিদ্যুৎ বিলৰ বাবদ সংগৃহীত ৰাজহৰ ১৫ লক্ষাধিক টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল বিদ্যুৎ বিভাগৰ নলবাৰীস্থিত সহকাৰী প্ৰবন্ধকৰ কাৰ্যালয়ৰ এজন অভিযন্তা ।

অসম শক্তি বিতৰণ কোম্পানীৰ সহকাৰী প্ৰবন্ধক অৰুপ পালে নলবাৰী থানাত দাখিল কৰা ৩৮৩/১৮ নম্বৰৰ গোচৰৰ ভিত্তিত আজি আৰক্ষীয়ে প্ৰণৱ কুমাৰ দাস নামৰ এই অভিযন্তাজনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে আৰক্ষীয়ে ধৃত অভিযন্তাজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৪০৯/৪২০/২০১ ধাৰাত এটা গোচৰ ৰুজু কৰিছে।

জানিব পৰা মতে নলবাৰী জিলাৰ বৃহত্তম ধমধমা অঞ্চলৰ গ্ৰাহকৰ এৰিয়াৰ বিল বি চি ডি এফৰ ক্ষেত্ৰত অভিযন্তা দাসে ব্যাপক অনিয়ম সংঘটিত কৰা ধৰা পেলাই তেওঁৰ বিৰুদ্ধে শক্তি বিতৰণ কোম্পানী আৰক্ষীৰ দ্বাৰস্থ হয়।

শক্তি বিভাগৰ তথ্য-প্ৰযুক্তি শাখাত কৰ্মৰত অভিযন্তা দাসৰ বিৰুদ্ধে ১৫ লাখ ৩২ হেজাৰ ৫৭৪ টকা আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে এই বিত্তীয় কেলেংকাৰীত সহকাৰী প্ৰৱন্ধক তথা গোচৰ ৰুজু কৰা অৰূপ পালৰ ওপৰতো সন্দেহৰ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। কিন্তু প্ৰকৃত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।