বি টি এ ডিত সকলো সংৰক্ষিত শ্ৰেণীৰ ভূমি অধিকাৰ অটুট থাকিব : হাগ্ৰামা মহিলাৰী

হাগ্ৰামা মহিলাৰী

বি টি এ ডিত থকা অবড়ো লোকসকলৰ ভূমিৰ অধিকাৰ সম্পৰ্কীয় নীতিৰ বিষয়ত হাগ্ৰামা মহিলাৰীয়ে অৱশেষত নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে বিষয়টোত বিভিন্ন অজনজাতীয় সংগঠনৰ সৈতে আলোচনাত বহে।

উল্লেখযোগ্য যে বিটিচি প্ৰশাসনে গ্ৰহণ কৰা ভূমি নীতিয়ে শেহতীয়াকৈ বিটিচি অঞ্চলত প্ৰতিবাদৰ জোৱাৰ তোলাৰ লগতে বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বি টি চি প্ৰশাসনে প্ৰায় গোপনে এনে ধৰণৰ এক ভূমি নীতি গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছিল, যাৰ ফলত ইমান দিনে বড়োসকলৰ লগতে অঞ্চলটোত সংৰক্ষিত শ্ৰেণী হিচাপে ভূমিৰ অধিকাৰ লাভ কৰি অহা চাওতাল, আদিবাসী, কোচ ৰাজবংশী, নেপালী জনগোষ্ঠীয়ে এই অধিকাৰ হেৰোৱাৰ উপক্ৰম ঘটিছিল। ইয়াৰ প্ৰতিবাদত অবড়ো সকলৰ বন্ধ-প্ৰতিবাদত উত্তাল হৈছিল বিটিএডি।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টোত বিভিন্ন অজনজাতীয় সংগঠনৰ নেতৃবৰ্গৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে এক বৈঠকত মিলিত হৈছে। যোৱা ৭ মাৰ্চৰ পৰা চলি থকা এই বৈঠকৰ আজি সামৰণি পৰে।

বৈঠকত আক্ৰাছু, য়ুনাইটেড অৰ্গেনাইজেইশ্যনছ ক’অৰ্ডেনেশ্যন কমিটি, আছা, আদিবাসী নেশ্যনেল ক’-অ’ৰ্ডিনেশ্যন কমিটি, বেংগলী ষ্টুডেণ্টছ য়ুথ ফেডাৰেইশ্যন, নাথ যোগী সন্মিলন আদিয়ে অংশগ্ৰহণ কৰে।

সভাত বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়ে বি টি এ ডিত সকলোৰে ভূমিৰ অধিকাৰ অটুট থাকিব বুলি আশ্বাস দিয়ে।

আক্ৰাছুৰ প্ৰতিনিধিকেইজনে কয় যে বি টি চি পৰিষদে কোচ সকলৰ ৰাজনৈতিক অধিকাৰৰ বিষয়টোত চকু দিব লাগে আৰু তেওঁলোককো সমানে সুবিধা দিব লাগে। কাৰণ কোচ ৰাজবংশীসকলৰ বাবে কোনো সুকীয়া পৰিষদ নাই। মহিলাৰীয়ে তেওঁলোকৰ বাবে স্থান নিশ্চিত কৰিব লাগে বুলি তেওঁলোকে কয়।

প্ৰত্যুত্তৰত মহিলাৰীয়ে কয় যে তেওঁ বিষয়টো চাব আৰু তেওঁলোকৰ বাবে স্থান নিশ্চিত কৰিব আৰু তেওঁ দেশৰ নিৰ্বাচন আয়োগলৈ পৰিষদৰ বৰ্তমান ৪০টা সমষ্টিৰ পৰা ৫০টা কৰিবলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব, যাতে কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য সংৰক্ষিত শ্ৰেণীৰ বাবে অধিক স্থান দিব পৰা যায়।