বি টি চিৰ ভূমি বিষয়ক কেবিনেট সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আদিবাসী জাতীয় মহাসভাৰ বন্ধ আহ্বান

ANC

সংবাদমেলত আদিবাসী জাতীয় মহাসভাৰ নেতা।

বি টি এ ডিত সুদূৰ অতীতৰ পৰা বসৱাস কৰি অহা অন্যান্য সংৰক্ষিত জনগোষ্ঠীৰ লগতে আদিবাসী, চাওতাল জনগোষ্ঠীক ভূমিৰ অধিকাৰৰ পৰা আৰু জনগোষ্ঠী বেষ্টনীৰ সংৰক্ষিত শ্ৰেণীৰ পৰা বঞ্চিত কৰিব বিচাৰি বি টি চি কেবিনেটে গ্ৰহণ কৰা প্ৰস্তাৱক হঠকাৰী বুলি মন্তব্য কৰিছে আদিবাসী জাতীয় মহাসভাই।

ইয়াৰ প্ৰতিবাদত মহাসভাই অহা ১ মাৰ্চত ১২ ঘণ্টীয়া বি টি এ ডি বন্ধৰ আহ্বান জনোৱাৰ লগতে ২২ মাৰ্চত ১০ ঘণ্টীয়া ৰেইলপথ অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে।

উক্ত সিদ্ধান্ত লৈ বি টি চি প্ৰশাসনে বি টি এ ডিৰ ভূখণ্ডত বসৱাস কৰা চাওতাল আৰু আদিবাসী সকলক বিতাড়নৰ পথ সুচল কৰিব বিচাৰিছে বুলি অভিযোগ তোলে মহাসভাই।

আজি কোকৰাঝাৰৰ তিতাগুৰিস্থিত চিধু কানহু ভৱনত আদিবাসী জাতীয় মহাসভাৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হোৱাৰ পিছতে আদিবাসী জাতীয় মহাসভাৰ সংগ্ৰামী গোটৰ সাধাৰণ সম্পাদক বীৰচিং মুণ্ডাই বন্ধ আহ্বানৰ কথা ঘোষণা কৰে। সংবাদমেলত বীৰচিং মুণ্ডাই শীঘ্ৰেই উক্ত হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবী জনায়। ইয়াৰ অন্যথাই এই সিদ্ধান্তৰ প্ৰতিবাদ জনাই আদিবাসী জাতীয় মহাসভাই ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিছে।

উল্লেখযোগ্য যে বি টি চি প্ৰশাসনে ভূমি সম্পৰ্কীয় নতুন নীতি কাৰ্য্যকৰী কৰিবলৈ ওলোৱা বুলি এক খবৰ সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে। এই নীতি মতে বি টি এ ডিত কেৱল বড়োসকলেহে নিজ ইচ্ছামতে মাটি-বাৰী কিনাবেচা কৰিব পাৰিব।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, মাটি-বাৰী কিনা-বেচাৰ ক্ষেত্ৰত বি টি এ ডিত থকা অন্যান্য সংৰক্ষিত শ্ৰেণীবোৰক অসংৰক্ষিত শ্ৰেণী হিচাপে গণ্য কৰিবলৈ যোৱা ১২ জানুৱাৰিত বি টি চি পৰিষদৰ এক বৈঠকত সিদ্ধান্ত কৰা হৈছিল।

এতিয়ালৈকে মাটি-বাৰী কিনাবেচাৰ ক্ষেত্ৰত ইয়াৰ অন্যান্য সংৰক্ষিত জনগোষ্ঠী, যেনে- চাওতালী, আদিবাসী, নেপালী, কোচ আদিসকলে বড়োসকলৰ দৰে একেই অধিকাৰ লাভ কৰি আহিছে। কিন্তু এই নতুন নিৰ্দেশনা কাৰ্য্যকৰী হ’লে এই জনগোষ্ঠীবোৰে সেই সুবিধাৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত।

শেহতীয়াকৈ পোহৰলৈ অহা বি টি চি প্ৰশাসনৰ এই সিদ্ধান্তই গোটেই ৰাজ্যজুৰি সচেতন লোকসকলৰ মনোযোগ আকৰ্ষণ কৰিছে। অবড়ো লোকৰ সংখ্যাতকৈ কম সংখ্যক বড়ো লোক থকা বি টি এ ডিত বড়োসকলক অতিমাত্ৰা ৰক্ষাকৱচ দিবলৈ গৈ অবড়োসকলৰ অধিকাৰ খৰ্ব কৰা হৈছে নেকি বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

আনহাতে বি টি চি প্ৰশাসনে ৰাজ্য চৰকাৰৰ কোনো অনুমতি অবিহনেই, অৰ্থাৎ প্ৰায় গোপনে বি টি এ ডিৰ বৃহৎ অংশ জনতাৰ ভূমিৰ অধিকাৰ বঞ্চিত কৰা নীতি গ্ৰহণ কৰিবলৈ ওলোৱাটোতো আশ্চৰ্য্য প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বি টি চি প্ৰশাসনৰ এই সিদ্ধান্তৰ বিষয়ে ৰাজ্য চৰকাৰ জ্ঞাত নহয় বুলি ইতিমধ্যে বিত্ত মন্ত্ৰী ড়০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিছে।

বহুতে শংকা প্ৰকাশ কৰিছে যে এই অবিবেচকী তথা এক পক্ষীয় সিদ্ধান্তই বি টি এ ডিক পুনৰ অশান্ত অঞ্চলত পৰিণত কৰিব পাৰে। আক্ৰাছু, এ বি এমছু আৰু গোৰ্খা ছাত্ৰ সন্থাই ইতিমধ্য ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।

অনুপ চেতিয়াৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা আকমাৰ :

আনহাতে অসমৰ বাসিন্দা তথা ভূমিপুত্ৰ জনগোষ্ঠী আদিবাসীসকলক অসমৰ খিলঞ্জীয়া নহয় বুলি আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই দিয়া মন্তব্যৰ বিৰুদ্ধেও ক্ষুব্ধ হৈ উঠে আদিবাসীৰ সংগ্ৰামী সংগঠন (আদিবাসী কোব্ৰা মিলিটেণ্ট অব আছাম) চমুকৈ আকমাৰ নেতা।

সংগঠনটোৰ উপ-সেনাধ্যক্ষ ৰতন টুডুই আজি কোকৰাঝাৰ তিতাগুৰিস্থিত বড়োলেণ্ড চিডোকানু গাড় ভৱনত আয়োজিত সংবাদ মেলত আলফাৰ নেতাই এনেধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য ৰখাৰ পৰা দূৰত থাকিব লাগে বুলি সকীয়নি দিয়ে।

আলফাৰ নেতা অনুপ চেতিয়াই সংগ্ৰাম কৰা সময়ত অন্য ৰাজ্যত বাস কৰা কাৰণে আদিবাসী সকলে যে অসমৰ খিলঞ্জীয়া সেই বিষয়ে গম নাপায় বুলিও কটাক্ষ কৰে নেতাজনে।