বি টি চি কৰ্তৃপক্ষৰ পদক্ষেপ ষষ্ঠ অনুসূচী (সংশোধনী) আইন, ২০০৩ ৰ পৰিপন্থী : প্রদেশ কংগ্ৰছ

Durga Das BoroPressMeet

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি থকা অৱস্থাত দুৰ্গাদাস বড়ো। ফটো : য়ু বি।

বি টি এ ডিত বসবাস কৰা বিভিন্ন অবড়ো জাতি-জনগোষ্ঠীৰ লোকৰ ভূমিৰ অধিকাৰ খৰ্ব কৰি বিটি এ ডিৰ প্ৰশাসনে গ্ৰহণ কৰিবলৈ ওলোৱা একপক্ষীয় ,স্বৈৰাচাৰী আৰু মৌলিক অধিকাৰ খৰ্বকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছে অসম প্ৰদেশ কংগেছ কমিটিয়ে।

কেৱল প্ৰতিবাদ জনোৱাই নহয় প্ৰদেশ কংগ্ৰেছে বি টি চি কৰ্তৃপক্ষক অতি সোনকালে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ সকীয়াই দিছে। যদিহে এই অগণতান্ত্ৰিক সিদ্ধান্তটো প্ৰত্যাহাৰ কৰা নহয়, তেন্তে অসম প্ৰদেশ কংগ্ৰেছে বি টি এ ডিৰ ৰাইজৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত আপোচহীনভাৱে কাম কৰি যাব। ২৭ তাৰিখে ৰাজীৱ ভৱনত এখন সংবাদমেল পাতি প্ৰদেশ কংগ্ৰেছে এইদৰে কয়।

সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গাদাস বড়োৱে কয় যে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনাটো বিটিচি চুক্তিৰেই নহয়, ভাৰতৰ মহামান্য সংসদত গৃহীত হোৱা ষষ্ঠ অনুসূচী (সংশোধনী) আইন, ২০০৩ ৰো পৰিপন্থী। কিয়নো ২০০৩ চনত বি টি চি চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত এইটো স্পষ্টকৈ ঘোষণা কৰা হৈছিল যে বি টি চি চুক্তি স্বাক্ষৰ কৰাৰ মসয়ত বি টি চি এলেকাত বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ ভূমিসহ সকলো ধৰণৰ সাংবিধানিক আৰু নাগৰিক অধিকাৰ সুৰক্ষিত হৈ থাকিব।

সংবাদমেলত দুৰ্গাদাস বড়োৱে স্পষ্টকৈ কয় যে বি টি চি চুক্তিৰ লগতে ষষ্ঠ অনুসূচী (সংশোধনী) আইন ২০০৩ ত সংশ্লিষ্ট দফাকেইটাত থকা গুৰুত্বপূৰ্ণ দফাকেইটা আছিল-

ক) বি টি চি এলেকাত ষষ্ঠ অনুসূচীৰ ভূমি আইন কেতিয়াও কাৰ্য্যকৰী নহ’ব।

খ) বি টি চি চুক্তি কাৰ্য্যকৰী কৰা সময়ৰ পৰা বি টি চি এলেকাত অসম ভূমি আৰু ৰাজহ আইন, ১৮৮৬ ৰ দশম অধ্যায় অৰ্থাৎ ট্ৰাইবেল বেল্ট আৰু ব্লক কাৰ্য্যকৰী হৈ নাথাকিব।

গ) বি টি চি এলেকাত বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ ভূমিসহ সকলো ধৰণৰ সাংবিধানিক আৰু নাগৰিক অধিকাৰ খৰ্ব কৰা কোনো পদক্ষেপ বি টি চি কৰ্তৃপক্ষই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব।

ঘ) বি টি চি কাৰ্য্যকৰী হোৱাৰ পিছত অঞ্চলটোৰ কোনো শ্ৰেণীৰ লোকৰ ভূমিৰ অধিকাৰ খৰ্ব নকৰাকৈ বি টি চি এখন নতুন ভূমি নীতি প্ৰস্তুত কৰিব, য’ত বি টি চি এলেকাৰ সকলো শ্ৰেণীৰ বৈধ বাসিন্দাৰ ভূমিৰ দখলীস্বত্ব, হস্তান্তৰ, আবণ্টন লাভৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব।

এইদৰে স্পষ্ট দফা থকাৰ পিছতো কিহৰ ভিত্তিত বি টি চি কৰ্তৃপক্ষই অঞ্চলটোৰ অবড়ো নাগৰিকৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ ওলাইছে বুলি সংবাদমেলত বড়োৱে প্ৰশ্ন কৰে।

লগতে তেওঁ কয় যে বি টি চি কৰ্তৃপক্ষই ইয়াৰ পূৰ্বেও ‘বি টি চি লেণ্ড এণ্ড ৰেগুলেইশ্যন-২০০৬ নামেৰে এখন বিধেয়ক বি টি চি পৰিষদীয় সভাত গ্ৰহণ কৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু ২০০৩ চনৰ বি টি চি চুক্তিৰ পৰিপন্থী হোৱা বাবে তদান্তীন কংগ্ৰেছ চৰকাৰে ইয়াত অনুমোদন জনোৱা নাছিল। এতিয়া বিজেপি মিত্ৰজোঁট চৰকাৰত থকাৰ বলত বলীয়ান হৈ মহিলাৰীয়ে এই অগণতান্ত্ৰিক বিধেয়ক আনিবলৈ আগ বাঢ়িছে। এইদৰে কয় দুৰ্গাদাস বড়োৱে।

বি টি এ ডিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ই সন্দেহ, অবিশ্বাসৰ বাতাবৰণ বৃদ্ধি কৰাৰ লগতে সংঘাতৰো সূত্ৰপাত ঘটাব পাৰে বুলি তেওঁ কয়। তেওঁ লগতে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ সদায় ৰাইজৰ কাষত থিয় দিব।