বুথ কমিটী গঠনৰ বাবে কাৰ্যসূচী প্ৰস্তুত কৰিছে অসম কংগ্ৰেছে

কংগ্ৰেছ

সদ্যসমাপ্ত মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল শনিবাৰে ঘোষণা কৰাৰ পিছত  দেওবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যবাহী সদস্যকলৰ এখন সভা অনুষ্ঠিত হৈ যায়।উক্ত সভাখনত পঞ্চায়ত নিৰ্বাচনক আগত ৰাখি জিলা আৰু উন্নয়ন খণ্ড সমূহৰ অধীনত বুথ কমিটী গঠন কৰাৰ বাবে দলে এপষেক জোৰা এক কাৰ্যসূচী প্ৰস্তুত কৰিছে।

৮ মাৰ্চৰ পৰা ২৩ তাৰিখলৈকে কাৰ্যসূচীখন চলিব বুলি কংগ্ৰেছ দলটোৰ এটা সূত্ৰত প্ৰকাশ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ লগতে  ভালেকেইগৰাকীমান নেতাৰ উপস্থিতিত দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন কাৰ্যবাহী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰৱীণ কংগ্ৰেছ নেতা অনিল ৰাজাই ৰকিবুল হুছেইনৰ বিৰূদ্ধে উত্থাপন কৰা বিশাল পৰিমাণৰ বে-আইনী সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগৰ ভিত্তিত দলৰ পৰা ৰাজাক সাময়িকভাৱে বহিস্কাৰ কৰাৰ পূৰ্বৰ দলীয় সিদ্ধান্ত এই সভাত বাহাল ৰখা হয়।

সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ভৱিয্যতে দলৰ কোনো সদস্যৰ পৰাই এনেধৰণৰ কাৰ্য সহ্য কৰা নহ’ব।

কাৰ্যবাহী সভাখনত দলটোৱে মুখামুখি হোৱা বিশ্বাসৰ অভাৱ, জনসাধাৰণৰ সমস্যাৱলী আৰু কেনেদৰে ভোটাৰ ৰাইজৰ মুখামুখি হোৱা উচিত এনেধৰণৰ দিশসমূহৰ ওপৰত আলোচনা কৰা হয়। কংগ্ৰেছ নেতা অপুৰ্ব ভট্টচাৰ্যই ব্যক্ত কৰে যে কাৰ্যবাহী সভাখনত দলীয় নেতাসকলে নিজৰ নিজৰ এলেকাসমূহৰ ওপৰিও আন আন এলেকাসমূহতো কংগ্ৰেছৰ ভেটি সৱল কৰাত মনসংযোগ দিয়াৰ ওপৰতো সিদ্ধান্ত লোৱা হয়।

সভাখনত অন্যন্য বিষয়ৰ লগতে বিজেপিৰ অৰ্থনৈতিক নীতি আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথম অংশৰ খচৰাত ১০ খন জিলাৰ মাথোঁ ১০ শতাংশ আৱেদনকাৰীৰ নামহে অন্তৰ্ভুক্ত কৰা আদি বিষয়ৰ ওপৰতো আলোচনা কৰা হয়।