NORTHEAST NOW (Assamese)

বৃহৎ পৰিমাণৰ জালনোট জব্দ, দুজনক গ্ৰেপ্তাৰ

November 22, 2017 7:35 am · এন ই নাও নিউজ ব্যুৰো, ধুবুৰী :

বি এছ এফৰ জি শাখাৰ এটা দল বৃহৎ পৰিমাণৰ নকল ভাৰতীয় টকা জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দলটোৱে ইয়াৰ সৈতে জড়িত দুজনক গ্ৰেপ্তাৰো কৰে। জব্দ কৰা টকাখিনিৰ মূল্য প্ৰায় ১ লাখ টকা বুলি সূত্ৰটোৱে কয়। গ্ৰেপ্তাৰ কৰা যুৱক দুজনে বহু দিনৰ পৰাই ধুবুৰীৰ সীমান্তৰ পৰা নকল টকাৰ এটা চক্ৰ চলাই আছিল বুলি জানিব পৰা গৈছে। তাৰে এজন হ’ল মানকাছৰ আৰক্ষী থানাৰ অধীনৰ কাছেৰভিটা গাৱঁৰ মহম্মদ শ্বাহ আলম (৩৪) আৰু আনজন দক্ষিণ শালমৰা আৰক্ষী থানাৰ অধীনৰ খাৰুৱাবন্ধা গাৱঁৰ মিৰ জামাল (৩৫)। দুয়োজনকে অধিক অনুসন্ধানৰ বাবে দক্ষিণ শালমৰা আৰক্ষী থানাক গতাই দিয়া হৈছে।

Related News