বেচৰকাৰী সংস্থা ‘প্ৰথম’ৰ উদ‍্যোগত ডিমৌত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ দেখুওৱাৰ প্ৰচেষ্টা

Students gathers to view lunar eclipse at Dimow

৩১ জানুৱাৰিত গোটেই ভাৰতৰ লগতে অসমতো দেখা পোৱা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ দৃশ্য ডিমৌ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ ছাত্র-ছাত্ৰীসকলক টেলিস্কোপৰ জৰিয়তে দেখুওৱাৰ এক  প্ৰচেষ্টা হাতত লোৱা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ অগ্ৰণী বেচৰকাৰী সংস্থা ‘প্ৰথম’ ডিমৌ শাখাৰ উদ‍্যোগত বুধবাৰে সন্ধিয়া ডিমৌৰ কলিয়াপানী স্থিত প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এই বিশেষ উদ‍্যোগ গ্ৰহণ কৰা হৈছিল।

ইতিমধ্যে ‘ৰিড ইণ্ডিয়া’ প্ৰকল্পৰ উপৰিও বিজ্ঞান তথ‍্যপ্ৰযুক্তি সম্বন্ধীয় বিভিন্ন প্ৰকল্পৰ আধাৰত ডিমৌ আৰু দাঁতিকাষৰীয়া  বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ৱ পৰাকৈ বেচৰকাৰী সংস্থাটোৱে বিভিন্ন সময়ত বহু ফলপ্ৰসু কাৰ্যপন্থা  হাতত লৈ আহিছে।

অৱশ্যে টেলিস্কোপৰ জৰিয়তে চন্দ্ৰ গ্ৰহণৰ বিৰল দৃশ্য প্ৰত‍্যক্ষ কৰিবলৈ প্ৰায় ৪০ জন ছাত্ৰ-ছাত্ৰীৰ লগতে ১০-১৫ জন লোক সমবেত হৈছিল যদিও প্ৰতিকুল বতৰৰ বাবে আকাশ ডাৱৰাচন্ন  হৈ থকাত এই দৃশ্য প্ৰত‍্যক্ষ কৰাৰ পৰা বঞ্চিত হয় উপস্থিত লোকসকল।

২০০৭ চনৰ পৰা অসমত ১১ টা খণ্ডৰ লগতে ডিমৌ খণ্ডত বৰ্তমান ৬ টাকৈ বিশেষ শিক্ষামূলক আৰু বৃত্তিমূলক প্ৰকল্প ৰূপায়ন কৰি থকা  বেচৰকাৰী সংষ্ঠা ‘প্ৰথম’ৰ  উদ‍্যোগত আজি চন্দ্ৰগ্ৰহণৰ দৃশ্য প্ৰত‍্যক্ষ কৰোৱাবৰ বাবে লোৱা এই কাৰ্যক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

ইয়াৰ পাছতে সংস্থাৰ খণ্ড সমল ব‍্যক্তি চন্দন চাউৰা আৰু চন্দন ডেকা আৰু  বিজ্ঞান ব‍্যক্তি ধনজ‍্যোতি কুৰ্মীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক টেলিস্কোপ আৰু মহাকাশ বিজ্ঞান সম্বন্ধীয় বহু তত্বগধুৰ বাখ‍্যা অতি মনোগ্ৰাহীকৈ বুজাই দিয়ে।

খণ্ড সমল ব‍্যক্তি চন্দন চাউৰাই জানিবলৈ দিয়া মতে সংস্থাৰ মূল উদ্দেশ্য হৈছে গ্ৰাম‍্য অঞ্চলৰ শিশুসকলক শিক্ষাৰ বাট দেখুওৱা আৰু দেশত স্বাক্ষৰতাৰ হাৰ বৃদ্ধি কৰা।

তেওঁ আগন্তুক দিনতো ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতী সকলৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত এনেধৰণৰ বিভিন্ন শিক্ষা মূলক অনুষ্ঠানৰ আয়োজন কৰি যাব বুলি জানিবলৈ দিয়ে।